'একেলগে বাস কৰি আহিছো, শান্তিত থাকিব বিচাৰো'- প্ৰমোদ বড়ো

'একেলগে বাস কৰি আহিছো, শান্তিত থাকিব বিচাৰো'- প্ৰমোদ বড়ো

author-image
Asomiya Pratidin
New Update
'একেলগে বাস কৰি আহিছো, শান্তিত থাকিব বিচাৰো'- প্ৰমোদ বড়ো

'একেলগে বাস কৰি আহিছো, শান্তিত থাকিব বিচাৰো'- প্ৰমোদ বড়ো

ডিজিটেল সংবাদ চিৰাং: পৃথক কমতাপুৰ ৰাজ্য গঠন সন্দৰ্ভত কে এল অ' প্ৰধান জীৱন সিংহই অবিভক্ত গোৱালপাৰা জিলা সাঙুৰি লোৱাৰ প্ৰস্তাৱ সন্দৰ্ভত বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে, পৃথক কমতাপুৰ ৰাজ্য সন্দৰ্ভত আমি একো ক'ব নোৱাৰো ।

Advertisment

কাৰণ যেতিয়াই দুখন ৰাজ্যৰ কথা আহিব তেতিয়াই কেন্দ্ৰীয় চৰকাৰে এই সংক্ৰান্তত কথা পাতিব । ইয়াত জীৱন সিংহ কোন, প্ৰমোদ বড়ো কোন, আদি কথাবোৰ পাতি এনেই পৰিৱেশ নষ্ট কৰা হয়। ইয়াত আমি একেলগে ভালকৈ বসবাস কৰি আছো। অনাগত দিনত শান্তিত থাকিব বিচাৰো ।

তেওঁ কয়, এনেই ইতিমধ্যে আমাৰ বহুত সময় নষ্ট হৈ গ'ল, বহুত অশান্তি হৈ গ'ল। এতিয়া আমি শান্তি বিচাৰোঁ, মূলসুঁতিলৈ উভতি অহাটো বিচাৰোঁ । এতিয়া কোনো উগ্ৰপন্থী জঙ্ঘলত থকাৰ পৰিৱেশ নাই ।

আজিৰ সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ইমান আগবাঢ়ি গৈছে, অৰ্থনীতিৰ নতুন নতুন নীতি নিৰ্দেশনা আহিছে, এই সময়ত যদি যুৱকসকল জঙ্ঘলত থাকে তেনে তেওঁলোকৰ পৰা সমাজৰ কি হ'ব?

বড়োৱে সেয়ে কে এল অ' মূলসুঁতিলৈ উভতি অহা বিষয়টোক স্বাগতম জনাইছো বুলিও কয়। তেওঁ কয়, সকলো মূলসুঁতিলৈ আহিব লাগে । সমস্যাৰ সমাধান কিদৰে হ'ব সেয়া আমাৰ হাতত নাই।

আজি চিৰাঙৰ কাজলগাঁৱৰ সমীপৰ নিলিবাৰীত নৱ নিৰ্মিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্ধোধন কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰমোদ বড়োৱে।

ক্লিক কৰি পঢ়কঃ দশম ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ, জুনিয়ৰ পেঞ্চাক চিলাট প্ৰতিযোগিতাত অসমৰ ৫৯ টা পদক অৰ্জন...

btr JIBAN SINGHA KAMTAPUR pramod boro