দশম ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ, জুনিয়ৰ পেঞ্চাক চিলাট প্ৰতিযোগিতাত অসমৰ ৫৯ টা পদক অৰ্জন...

দশম ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ, জুনিয়ৰ পেঞ্চাক চিলাট প্ৰতিযোগিতত অসমৰ ৫৯ টা পদক অৰ্জন...

author-image
Asomiya Pratidin
New Update
দশম ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ, জুনিয়ৰ পেঞ্চাক চিলাট প্ৰতিযোগিতাত অসমৰ ৫৯ টা পদক অৰ্জন...

দশম ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ, জুনিয়ৰ পেঞ্চাক চিলাট প্ৰতিযোগিতত অসমৰ ৫৯ টা পদক অৰ্জন...

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাণ্ডেডত ১৩ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ অনুষ্ঠিত দশম ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ আৰু জুনিয়ৰ পেঞ্চাক চিলাট প্ৰতিযোগিতা, ২০২২-২৩ ত অসমৰ ৫৯ গৰাকী খেলুৱৈয়ে পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে বাচনি লাভ কৰা মুঠ ৮২ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাৰ বিভিন্ন বিভাগত প্ৰতিদ্বন্দিতা আগবঢ়াই ৫৯ টা পদক জয় কৰিছে।

Advertisment

উল্লেখ্য যে, দেশৰ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মুঠ ১৪৬৫ প্ৰতিযোগীয়ে ভাগ লোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত ধেমাজি জিলাৰ চিলাপথাৰ অঞ্চলৰ ক্ৰমে ঔঞ্চ চেত্ৰী, নাৰায়ণ বিশ্বকৰ্মা, জয়ন্ত দাস, ঔম প্ৰকাশ শৰ্মা, মোহন কলিতা, কৰণ শইকীয়া আৰু মীলিনা ৰাণাই সোনৰ পদক, মঃ চাজিদ আৰু অৰ্পিতা নেওগে ৰূপৰ পদক, কেশৱ চেত্ৰী, ৰহণ পুড়ী, মাৰটা ৰামচিয়াৰী আশিস গগৈ, হেপ্পি দেৱনাথ, নিখিল ৰাজবংশী আৰু গ'টেৰ কাৰ্ল'ই ব্ৰ'ঞ্জৰ পদক অৰ্জন কৰিছে।

গোগামুখৰ ক্ৰমে দ্বীপ পাতিৰ, জুপিতৰা টায়ুঙ, ৰীজু পায়েঙ, ৰোৱাদ পেগু, লক্ষীনাথ চুংক্ৰাং আৰু কৃষ্ণাণনন দলেয়ে সোনৰ পদক, অতুল দলে, কিশোৰ টাইদ আৰু মনো পাংগিঙে ব্ৰঞ্জৰ পদক লাভ কৰিছে। মাজুলী জিলাৰ মাণিক পেগু ৰূপ আৰু সন্তুষ পেগুৰ ব্ৰঞ্জৰ পদক, চিৰাং জিলাৰ আতিকুৰ আলিয়ে ৰূপ আৰু উৰ্ব্বশী বড়োৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

গোৱালপৰা জিলাৰ আগানবিলৰা চাংমাই সোণ আৰু সাগৰীকা ৰাভাই ব্ৰঞ্জৰ পদক, ওদালগুৰি জিলাৰ জেনিথ্ ৰাভাই ব্ৰঞ্জৰ পদক, বিশ্বনাথ জিলাৰ কৰণ চিন্নাৰে ব্ৰঞ্জৰ পদক, গোলাঘাট জিলাৰ ক্ৰমে শিৰোমনী গগৈ ট্যুংগুলত সোণ,টেণ্ডীঙত ৰূপ, কৃষ্ণা গগৈ টুগুলত সোণ, টেণ্ডীঙত ব্ৰঞ্জ, ৰমানন্দ খাখলাৰী ট্যুংগুলত সোণ, টেণ্ডীঙত ৰূপ, অংকিতা লিম্বুই টেণ্ডীঙত ৰূপ, টুঙগলত ব্ৰঞ্জ, পাহি বড়োৱে টেণ্ডীঙত ৰূপ, হৃতম কৌশীকে টেণ্ডীঙত ব্ৰঞ্জ, সমিৰ বড়োৱে টেণ্ডীঙত সোণ অৰ্জন কৰিছে।

প্ৰি-টিন শাখাত পৰিস্মিতা নাথে ৰেগুত সোণ, ট্যুংগুলত ব্ৰঞ্জ, প্ৰি-জুনিয়ৰ শাখাত ৰশ্মীতা নাথে টেণ্ডীঙত আৰু ৰেগুত সোণ, জাচিঙফা গগৈয়ে ৰেগুত সোণ, ট্যুংগলত ৰূপ, টেণ্ডিঙত ৰূপ, প্ৰি-জুনিয়ৰ ল'ৰাৰ ৰেগু শাখাত কিৰণ দাস, জুন শইকীয়া, মানৱজ্যোতি গগৈয়ে ৰূপ, জুনিয়ৰ শাখাত মনিকা বড়োৱে টেণ্ডিঙত সোণ অৰ্জন কৰিছে।

ইয়াৰ উপৰিও, জুবিন গোহাইয়ে ৰূপ, অনন্যা শইকীয়াই ব্ৰঞ্জ অৰ্জন কৰিছে। ছোৱালীৰ দলীয় ৰেগু শাখাত ৰিম্মী গগৈ, অনন্যা শইকীয়া আৰু আশামনী মুচাহাৰীয়ে ব্ৰঞ্জৰ পদক জয় কৰিছে।

উল্লেখ্য যে, বিগত ১০ জানুৱাৰীত অসম পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যনৰ প্ৰতিষ্ঠাপক সম্পাদক লক্ষ্যজিত দলেৰ নেতৃত্বত ৰাওনা হোৱা অসম দলটিত মাষ্টাৰ গগন চন্দ্ৰ বড়ো, সত্য বড়ো, ঔম চেত্ৰী, স্বপন বড়ো, বিশ্বনাথ ব্ৰহ্ম, নিপুণ দলে, মনোজ দলে আৰু মৌচুমী শইকীয়া গোহাঁয়ে 'অফিচিয়েল'ৰ দায়িত্ব পালন কৰে।

ক্লিক কৰি পঢ়কঃ অৰ্ণমাই বৰা হত্যা, ধৰ্ষণৰ গোচৰত আৰক্ষী বিষয়াই পাইছিল কেন্দ্ৰীয় চৰকাৰৰ পুৰস্কাৰ

assam Pencak Silat competition