আমেৰিকা, চীনৰ পাছতে সৰ্বশক্তিমান দেশৰ তালিকাত ভাৰত...

আমেৰিকা, চীনৰ পাছতে সৰ্বশক্তিমান দেশৰ তালিকাত ভাৰত...
Published on
Updated on

ডিজিটেল ডেস্কঃ এচিয়াৰ তৃতীয় বৃহৎ শক্তিধৰ দেশ ভাৰত। অষ্ট্ৰেলিয়াৰ এক সংস্থাই প্ৰকাশ কৰা এখন প্ৰতিবেদনত জাপানক অতিক্ৰম কৰি ভাৰতে এচিয়াৰ অন্যতম ক্ষমতাশালী দেশ হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, অৰ্থনৈতিক সম্পৰ্ক, সামৰিক ক্ষমতা, সাংস্কৃতিক প্ৰভাৱ আৰু ৰাজনৈতিক সুস্থিৰতাক আধাৰ কৰি এই প্ৰতিষ্ঠানটোৱে এই প্ৰতিবেদন প্ৰস্তুত কৰিছে।

২০২৪ত প্ৰকাশ কৰা সংস্থাটোৰ প্ৰতিবেদনত ভাৰতে ৩৯.১ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ২০২৩বৰ্ষৰ তুলনাত ভাৰতৰ নম্বৰ ২০২৪বৰ্ষত ২.৭ পইন্ট বৃদ্ধি পাইছে। উল্লেখযোগ্য যে, এচিয়াৰ এই অঞ্চলটোত শীৰ্ষ ক্ষমতাশালী আৰু প্ৰভাৱশালী দেশ হিচাপে আছে আমেৰিকা।

আমেৰিকাই লাভ কৰা নম্বৰ হৈছে- ৮১.৭। দ্বিতীয় স্থানত এচিয়াৰ অন্যতম আৰু প্ৰভাৱশালী দেশ হিচাপে আছে চীন। চীনে ৭২.৭ পইন্ট লাভ কৰি এই তালিকাত দ্বিতীয় স্থান অক্ষুন্ন ৰাখে। তৃতীয় স্থানত ভাৰত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়া চতুৰ্থ স্থানত, ৰাছিয়া পঞ্চম স্থানত, দক্ষিণ কোৰিয়া ষষ্ঠ স্থানত আছে।

এই তালিকাত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আছে ষষ্ঠদশ স্থানত। ভাতৰত উত্তৰণৰ কাৰন হল, যোৱা এটা বছৰত ভাৰতত হোৱা অৰ্থনৈতিক বিকাশ। ২০২৩-২৪বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশ ৮.২শতাংশ হোৱাত ইয়াৰ প্ৰভাৱ পৰে এই তালিকাত। তাৰ উপৰিও বিশ্বজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গঢ়া কূটনৈতিক সম্পৰ্ক এচিয়াৰ তৃতীয় প্ৰভাৱশালী দেশ হোৱাৰ ক্ষেত্ৰত ভাৰতক যথেষ্ট সহায় কৰিছে।

এচিয়া পাৱাৰ ইনডেস্কৰ এই শেহতীয়া প্ৰতিবেদনখনক লৈ সন্তুষ্টি ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী হাৰদ্বীপ সিং পুৰী। তেওঁ কয়- প্ৰধানমন্ত্ৰী মোডীৰ সুনেতৃত্বৰ বাবেই আজি ভাৰতে এই স্থান লাভ কৰিছে।

আমেৰিকা, চীনৰ পাছতে সৰ্বশক্তিমান দেশৰ তালিকাত ভাৰত...
বগা হাতীত পৰিণত জামুগুৰিহাটৰ জলসিঞ্চন আঁচনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in