বগা হাতীত পৰিণত জামুগুৰিহাটৰ জলসিঞ্চন আঁচনি...

বগা হাতীত পৰিণত জামুগুৰিহাটৰ জলসিঞ্চন আঁচনি...
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল লেখিয়া হৈ পৰিছে বৃহত্তৰ জামুগুৰিহাট অঞ্চলটোৰ কৃষক ৰাইজৰ বাৱে স্থাপিত বৰদিকৰাই জলসিঞ্চন প্ৰকল্প ৷ এই উৎকট গৰমত তথা পথাৰৰ মাটি চিৰাল ফাট দিয়াৰ লগতে গজালি মেলা ধান ৰঙচুৱা হৈ শুকাই যাবলৈ ধৰাৰ পাচতো কৃষকক এটুপি পানী যোগান ধৰিব পৰা নাই বৃহৎ জলসিঞ্চন প্ৰকল্পটোৱে ৷

বৰদিকৰাই জলসিঞ্চন আঁচনিৰ বাবে চৰকাৰে কৃষক ৰাইজৰ ভুমি অধিগ্ৰহণ কৰি পথাৰৰ মাজেদি কোনো কোনো ঠাইত পানী যোৱা নলা নিৰ্ম্মান কৰিছিল যদিও সেইয়া হাবি জংঘলে আবৰি ধৰাহে পৰিলক্ষিত হৈছে ৷ এটা সময়ত বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে যোগান ধৰা পানীৰে কৃষক সকলে বছৰত দুবাৰ কৈ খেতি কৰাৰ সুযোগ লাভ কৰিছিল যদিও বিগত দহ বছৰ ধৰি এটুপিও পানী লাভ কৰা নাই দুৰ্ভগীয়া কৃষক ৰাইজে ৷

ইয়াৰ বিপৰীতে চৰকাৰৰ জলসিঞ্চন বিভাগটোৱে স্হাপনৰ দিন ধৰি বৰ্তমানলৈকে হেজাৰ কোটিৰো অধিক টকা ব্যয় হোৱাটো দেখুৱাই আহিছে যদিও ইয়াৰ সিংহভাগ আমোলা বিষয়া অভিযন্তা, ঠিকাদাৰে মিলি আত্মসাৎ কৰাৰ হে অভিযোগ উঠিছে ৷ সম্প্ৰতি বগা হাতীত পৰিনত হোৱা বৰদিকৰাই জলসিঞ্চন প্ৰকল্পক লৈ এতিয়া ক্ষোভ ব্যক্ত কৰিছে স্থানীয় কৃষক ৰাইজে

বগা হাতীত পৰিণত জামুগুৰিহাটৰ জলসিঞ্চন আঁচনি...
তিতাবৰত লাভ জেহাদৰ বলি এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in