Advertisment

যোৰহাটত ডাক টিকটৰ প্ৰদৰ্শনী অনুষ্ঠান

প্ৰদৰ্শনীখনত বহুকেইজন আগশাৰীৰ ডাক টিকট সংগ্ৰহকাৰীয়ে অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।প্ৰদৰ্শনীখন উদ্ধোধন কৰিব বিশিষ্ট শিশু সাহিত্যক মৌচাক মামা শান্তনু তামুলীয়ে...

author-image
Asomiya Pratidin
New Update
post stump

ডিজিটেল সংবাদ, যোৰহাট : অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰেক্ষাগৃহত শুকুৰবাৰৰ পৰা (২২ আৰু ২৩ নৱেম্বৰ) দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় ডাক বিভাগে এখনি ডাক টিকটৰ প্ৰদৰ্শনী আয়োজন কৰিছে। ২২ নৱেম্ববৰৰ দিনা ১১-৩০ বজাত উদ্বোধন হ’ব এই প্ৰদৰ্শনীখন।

Advertisment

প্ৰদৰ্শনীখনত বহুকেইজন আগশাৰীৰ ডাক টিকট সংগ্ৰহকাৰীয়ে অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।প্ৰদৰ্শনীখন উদ্ধোধন কৰিব বিশিষ্ট শিশু সাহিত্যক মৌচাক মামা শান্তনু তামুলীয়ে। লগতে উপস্থিত থাকিব অসম মহিলা বিশ্ববিদ্যালয় উপাচাৰ্য অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ, বিশিষ্ট সাংবাদিক দিগন্ত বুঢ়াগোহাঁই ।

প্ৰদৰ্শনী উপলক্ষে ২৩ নবেম্বৰৰ দিনা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰথম শ্ৰেণীৰ পৰা  চতুৰ্থ লৈ এটা শাখা আৰু পঞ্চমৰ পৰা সপ্তম লৈ আন এটা শাখাৰ মাজত চিত্ৰাংকন আৰু  ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

প্ৰদৰ্শনীখনি সফলভাৱে উদযাপন কৰাত সকলোৰে সহযোগিতা শিৱসাগৰ ডাক সংমণ্ডলৰ তৰফৰ পৰা কামনা কৰিছে।

ডাকঘৰ