পিঠাগুৰি চাৰিআলি সংযোগী পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ...

চৰকাৰৰ ধন নাই সেয়ে উন্নয়নমূলক কামো দীৰ্ঘদিন ধৰি স্তব্ধপ্ৰায়

author-image
Asomiya Pratidin
New Update
পিঠাগুৰি চাৰিআলি সংযোগী পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ...

জৰাজীৰ্ণ পথ

ডিজিটেল সংবাদ,বান্দৰদেৱাঃ লখিমপুৰ জিলাৰ পিঠাগুৰি চাৰিআলি সংযোগী পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ। ৰাজ্যৰ গ্ৰাম্যাঞ্চলত মুখ্য পথসমূহৰ অধিকাংশৰেই জৰাজীৰ্ণ আৰু বিধস্ততাই শোচনীয় ৰূপ ধাৰণ কৰিছে ।

Advertisment

চৰকাৰে নিজৰ লাওলোৱা টোকোনা অৱস্থাৰ কথা স্বীকাৰ নকৰিলেও কাৰ্যত দিনক দিনে সেয়াই পৰিস্ফুট হৈ পৰিছে। চৰকাৰৰ ধন নাই সেয়ে উন্নয়নমূলক কামো দীৰ্ঘদিন ধৰি স্তব্ধপ্ৰায়। লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত পথালিপাহাৰৰ সমীপৰ পিঠাগুৰি চাৰিআলিৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰ শেহতীয়া অৱস্থা তথৈবচ। বাটেৰে নহয় এতিয়া গাঁতেৰেহে যাতায়ত চলে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ।এই অভিযোগ একাংশ ভুক্তভোগীৰ।

ভুক্তভোগীয়ে উল্লেখ কৰে যে একালৰ বিধায়ক ভূপেন বৰাৰ ভাষাত ৰূপহী বিহপুৰীয়াৰ সুৰভী বাট আৰু বৰ্তমানৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ এক বিহপুৰীয়া শ্ৰেষ্ঠ বিহপুৰীয়াৰ বাট এয়া। প্ৰতাৰণা প্ৰবঞ্চনা কি যে শ্লোগানৰ নমুনা এইবোৰ। জনপ্ৰতিনিধি সকলৰ মিঠা মিঠা শ্লোগানৰ ঠগ খোৱাটো জনতাৰ এতিয়া এক চিৰাচৰিত প্ৰথা বিহপুৰীয়া সমষ্টিৰ ৰাইজৰ। সেয়ে প্ৰতিবাদ বাদ দি অভ্যস্ততাৰেই চলিছে এইটো পথেৰে আহ-যাহ কৰা প্ৰতিজন লোকৰ যাতায়ত জীৱন।কেৱল এয়াই নহয় পিঠাগুৰি চাৰিআলিৰ পৰা দংগিবিল সংযোঘী নাঁওবৈছা সমষ্টিৰ অন্তৰ্গত পথছোৱাৰো অনুৰূপ অৱস্থা।

আনহাতে উক্ত সমষ্টিৰ বিধায়ক ভৰত নৰহৰ ছাঁটোও সমষ্টি বাসীয়ে নেদেখে বুলি আক্ষেপ প্ৰকাশ কৰে। অথচ এইবোৰ অঞ্চলৰ জনতাৰ ভৰিত লুটি খাই পৰি ভোট ভিক্ষা কৰি জনতাৰ সেৱকৰ ভেশ ধাৰণকাৰী দুই সমষ্টিৰ দুইজন বিধায়কৰ কাম আৰু চিন্তাৰ নমুনা বিধায়ক হোৱাৰ দুই এমাহতে ৰাইজে বুজি পালে বুলি আক্ষেপ প্ৰকাশ কৰে।

অৱশ্যে এতিয়া দোষ দিবলৈয়ো এৰিলে কাৰণ অন্যটো বাদেই খোদ দলৰ লোকসকলেই এতিয়া বাৰুকৈয়ে অনুশোচনাত ভুগিছে। অঞ্চলটোৰ ভকতগাঁও মেৰাগাঁও মিচিং গাঁও দেউৰী গাঁও মাজগাঁও শলমাৰী আদি অঞ্চলৰ ৰাইজে সেয়ে ইয়াৰ প্ৰত্যূত্তৰ সময়ত দিয়াৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিয়ে।

আৰু পঢ়কঃ থাকিব ক'ত, খাব কি? জনাঞ্চললৈ ওলাই আহি বন্যহস্তীৰ সন্ত্ৰাস...

assam lakhimpur