থাকিব ক'ত, খাব কি? জনাঞ্চললৈ ওলাই আহি বন্যহস্তীৰ সন্ত্ৰাস...

নুমলীগড়ৰ ৫ নং ৰংবঙত বনৰীয়া হাতীৰ সন্ত্ৰাস। ওৰে নিশা বৃহৎ অঞ্চলত বন্যহস্তীৰ এটা বৃহৎ জাকে সন্ত্ৰাস চলাই কেইবাটাও বাসগৃহ ক্ষতি কৰে ।
থাকিব ক'ত, খাব কি? জনাঞ্চললৈ ওলাই আহি বন্যহস্তীৰ সন্ত্ৰাস...

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ ৫ নং ৰংবঙত বনৰীয়া হাতীৰ সন্ত্ৰাস। ওৰে নিশা বৃহৎ অঞ্চলত বন্যহস্তীৰ এটা বৃহৎ জাকে সন্ত্ৰাস চলাই কেইবাটাও বাসগৃহ ক্ষতি কৰে ।

এজন ব্যক্তিৰ গোঁসাইঘৰত বৃহস্পতিবাৰে নিশা প্ৰৱেশ কৰি আচবাব নষ্ট কৰে । নিশা হাতীৰ জাকৰ বাবে ৰাইজে উজাগৰে পাৰ কৰিব লগা হয় । গোঁসাইঘৰৰ গ্লাছৰ খিৰকি ভাঙি ভিতৰত প্ৰৱেশ কৰা হাতীৰ গাত খিৰিকিৰ গ্লাছে কটা হাতীৰ তেজ কীৰ্তনৰ ওপৰত পৰি যায় । মুঠৰ ওপৰত নিশা হাতীৰ সন্ত্ৰাসৰ বাবে বিপদত পৰে বৃহৎ অঞ্চলৰ লোক ।

কিন্তু, বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। উল্লেখ্য যে, অবাধ হাৰত বন ধ্বংস তথা বন্যহস্তী অহা-যোৱা কৰা ক'ৰিড'ৰত নিৰ্মাণকাৰ্য হোৱাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি হাতীয়ে ৰাস্তা নাপাই জনাঞ্চললৈ সোমাই আহিবলৈ লোৱা দেখা গৈছে।

এই বৃহত্তৰ নুমলীগড়-মৰঙি অঞ্চলত দৈনিক হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে। মানুহে আতংকিত হৈ বিনিদ্ৰ ৰজনী কটাইছে। হেজাৰ হেজাৰ বিঘা কৃষিভূমি বিনষ্ট কৰিছে।

আৰু পঢ়ক: আশীৰ্বাদ ল'বলৈ কামাখ্যা লৈ মেছি! - এই খবৰৰ আঁৰত কোন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in