ভয়ংকৰ ঘটনাঃ গুৱাহাটীৰ এখন বাৰৰ সন্মুখত ম'বিল ঢালি আৰক্ষী জোৱানক জ্বলাই দিয়াৰ অপচেষ্টা...

ভয়ংকৰ ঘটনাঃ গুৱাহাটীৰ এখন বাৰৰ সন্মুখত ম'বিল ঢালি আৰক্ষী জোৱানক জ্বলাই দিয়াৰ অপচেষ্টা...

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ ঘটনাঃ গুৱাহাটীৰ এখন বাৰৰ সন্মুখত ম'বিল ঢালি আৰক্ষী জোৱানক জ্বলাই দিয়াৰ অপচেষ্টা...

ডিজিটেল ডেস্কঃ সাধাৰণ জনতাক নিৰাপত্তা দিয়া খোদ আৰক্ষীৰেই নিৰাপত্তা নাই গুৱাহাটী মহানগৰীত। অবৈধভাৱে পুৱতি নিশালৈকে খুলি ৰখা মদৰ বাৰৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ চৰম অপমানৰ সন্মুখীন এগৰাকী আৰক্ষী জোৱান। কেৱল অপমানেই নহয় জীৱন্তে এগৰাকী আৰক্ষী জোৱানক জ্বলাই দিবলৈ অপচেষ্টা কৰাৰ অভিযোগো উত্থাপন হৈছে গুৱাহাটীৰ বশিষ্ঠস্থিত দ্য ই’ক নামৰ PUBখনৰ বিৰুদ্ধে।

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি, পুৱতি নিশালৈকে খুলি ৰখা বাৰ খনৰ কৰ্তৃপক্ষই প্ৰদীপ বসুমতাৰী নামৰ বশিষ্ঠ থানাৰ এগৰাকী আৰক্ষী জোৱানক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি ম’বিল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰিছিল। আৰক্ষীগৰাকীয়ে বাৰে বাৰে প্ৰাণৰ ভিক্ষা কৰিছিল যদিও অতি নিৰ্দয়ভাৱে বাৰখনৰ ভেৰনীয়া গুণ্ডাই প্ৰহাৰ কৰিছিল জোৱানগৰাকীক।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, কিছুদিনৰ পূৰ্বেও এই বাৰখনৰ সন্মুখতেই সংঘটিত হৈছিল এখন ডাঙৰ কাজিয়াৰ। এই কাজিয়াখনত এখন মটৰ চাইকেলো জ্বলাই দিছিল দুৰ্বৃত্তই। ইফালে শেহতীয়াকৈ আৰক্ষীক প্ৰাণে মৰাৰ অপচেষ্টা চলোৱাৰ সন্দৰ্ভত আৰক্ষীয়ে দুগৰাকী লোকক ইতিমধ্যে আটক কৰিছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে, কোনো অদৃশ্য শক্তিৰ কৃপাত গুৰু-গোসাই নমনাকৈ অবৈধভাৱে পুৱতি নিশালৈকে খোলা থাকে বাৰখন। এই সন্দৰ্ভত প্ৰশাসনৰ হস্তক্ষেপ পোষকতা কৰিছে স্থানীয় ৰাইজে।

Also Read: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ পৰা বঞ্চিত কাজিৰঙাৰ সহস্ৰাধিক বনকৰ্মী...

গুৱাহাটী