প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ পৰা বঞ্চিত কাজিৰঙাৰ সহস্ৰাধিক বনকৰ্মী...

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ পৰা বঞ্চিত কাজিৰঙাৰ সহস্ৰাধিক বনকৰ্মী...

author-image
Asomiya Pratidin
New Update
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ পৰা বঞ্চিত কাজিৰঙাৰ সহস্ৰাধিক বনকৰ্মী...

ডিজিটেল সংবাদ, কাজিৰঙাঃ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোট দানৰ পৰা বঞ্চিত হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সহস্ৰাধিক বনকৰ্মী ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্ভাগত কৰ্মৰত বনকৰ্মী সকলে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাত বঞ্চিত হ’ব লগিয়া কাৰ্য্যত এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাজিৰঙাত ৷ যিহেতু ৰাষ্ট্ৰীয় উদ্যানখনত দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে বনকৰ্মী সকলে ৷

Advertisment

ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ স্বাৰ্থত কৰ্তৃপক্ষৰ অনুমতি অবিহনে ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰলৈ আহিব নোৱাৰে বনকৰ্মী সকল ৷ তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বনকৰ্মী সকলক একেলগে সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে কৰ্তব্যৰ পৰা আঁতৰাই অনাটো ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা ব্যৱস্থাৰ পৰিপন্থী ৷

গতিকে নিৰ্বাচন আয়োগে প’ষ্টেল ভোট প্ৰদানৰ সুবিধা প্ৰদান কৰিছিল কৰ্মচাৰী সকলৰ বাবে ৷ যাৰ যোগেদি বনকৰ্মী সকলে একেলগে ন’হলেও পৰ্যায়ক্ৰমে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা উপলব্ধ আছিল ৷ এনেক্ষেত্ৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব লগিয়া স্থানীয় দুই এক বনকৰ্মীৰ বাদে অধিকাংশই বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

কাজিৰঙা