অসম অৰুণাচল সীমান্তৱৰ্তী মাজবাট চিকাৰীদাংগাত অস্ত্ৰ উদ্ধাৰ...

মাজবাট এলেকাত সঘনাই অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হৈ থকা ঘটনা সন্দৰ্ভত স্থানীয় সচেতন মহলে প্ৰকাশ কৰিছে উদ্বিগ্নতা

author-image
Asomiya Pratidin
New Update
অসম অৰুণাচল সীমান্তৱৰ্তী মাজবাট চিকাৰীদাংগাত অস্ত্ৰ উদ্ধাৰ...

চিকাৰীদাংগাত অস্ত্ৰ উদ্ধাৰ

ডিজিটেল সংবাদ,মাজবাটঃ অৰুণাচল সীমান্তৱৰ্তী মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ২৯ অক্টোবৰত তিনিটাকৈ এ কে -৪৭, ৬ টা মেগজিন আৰু ৬২০ জাই সজীৱ গুলি উদ্ধাৰৰ চাঞ্চল্য মাৰ নৌযাওঁতে ৮ ডিচেম্বৰৰ নিশা পুনৰ এটা একে -৪৭ আৰু ২০ জাই সজীৱ গুলি উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ মাজবাট এলেকাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

আৰক্ষী সূত্ৰে জানিব পৰা মতে ৮ ডিচেম্বৰ বৃহস্পতিবাৰে নিশা এক গোপন সূত্ৰৰ উমান পাই ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচূৰ্য্য জীৱন বৰুৱা আৰু মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোঁসাইৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে অসম অৰুনাচল সীমান্তৱৰ্তী চিকাৰীদাংগাত গাতত পুতি থোৱা অবস্থাত অস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

কোন উগ্ৰপন্থী সংগঠনে অসম অৰুনাচল সীমান্তৱৰ্তী দুৰ্গম এলেকাটোত এনেদৰে মাৰণাস্ত্ৰখিনি পুতি থৈছিল এই সন্দৰ্ভত প্ৰশাসনৰ ফালৰ পৰা কোনো তথ্যই সংবাদ মাধ্যমৰ আগত অৱগত কৰা নাই। বৰ্তমান আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। এইদৰে ওদালগুৰি জিলাৰ মাজবাট এলেকাত সঘনাই অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হৈ থকা ঘটনাৰ সন্দৰ্ভত মাজবাটৰ সচেতন মহলে প্ৰকাশ কৰিছে উদ্বিগ্নতা ।

আৰু পঢ়কঃ বিশিষ্ট শিক্ষাবিদ ৰিজু কুমাৰ ব্ৰহ্মৰ দেহাৱসান...

assam majbat Assam police