বিশিষ্ট শিক্ষাবিদ ৰিজু কুমাৰ ব্ৰহ্মৰ দেহাৱসান...

বিভিন্ন দল সংগঠনৰ শোক প্রকাশ

author-image
Asomiya Pratidin
New Update
লখিমপুৰৰ ম’হঘূলিত ভয়ংকৰ ঘটনা

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ কাশিকোত্ৰাৰ বাসিন্দা তথা বি টি চিৰ শিক্ষা বিভাগৰ প্ৰাক্তন সঞ্চালক, বিশিষ্ট শিক্ষাবিদ ৰিজু কুমাৰ ব্ৰহ্মৰ ৭৫ বছৰ বয়সত দেহাৱসান হয় । যোৱা ১ ডিচেম্বৰৰ দিনা হৃদৰোগত আক্ৰান্ত হৈ বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত ব্ৰহ্মই শেষ নিশ্বাস ত্যাগ কৰে ।

Advertisment

আজি ৰাতিপুৱাৰ ভাগত তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাত অঞ্চলটোত শোঁকৰ ছাঁ নামি পৰে । চিৰাং জিলাৰ কাশিকোত্ৰা স্থিত প্ৰয়াত ৰিজু কুমাৰ ব্ৰহ্মৰ বাসগৃহত অগণণ গুণমুগ্ধই আহি ভিৰ কৰা পৰিলক্ষিত হয় । অসমৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰী, ইউপিপিএল দলৰ নেতা মাউথি ব্ৰহ্ম হাজোৱাৰী, বড়ো সাহিত্য সভাৰ উপ সভানেত্ৰী ৰমেলা ইছোৱাৰী, বড়ো সাহিত্য সভা প্ৰাক্তন সম্পাদক গোবিন্দ বসুমতাৰী, বড়ো লেখক সন্থাৰ বিষয় ববীয়া, চিদলী

প্ৰাথমিক বড়ো সাহিত্য সভা প্ৰতিনিধি সকলে ৰিজু কুমাৰ ব্ৰহ্মৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।

১৯৪৭ চনৰ ৩০ মে তাৰিখে তদানীন্তন অবিভক্ত গোৱালপাৰা জিলাৰ ঢালিগাঁৱত জন্ম গ্ৰহণ কৰা ৰিজু কুমাৰ ব্ৰহ্মই স্নাতক শিক্ষা গ্ৰহণ কৰি প্ৰথমাৱস্থাত ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াই ১৯৭১ চনৰ পাক-ভাৰত যুদ্ধতো তেখেতে অংশগ্ৰহণ কৰিছিল । পৰবৰ্তী সময়ত সেনাবাহিনীৰ পৰা স্বেচ্ছা অৱসৰ গ্ৰহণ কৰি চিদলী-কাশিকোত্ৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে লগতে সামান্তৰালভাৱে অধ্যয়ন অব্যাহত ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেখেত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ পদৰ চাকৰিত যোগদান কৰে ।

তাৰ পিছত বঙাইগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আৰু সদৌ শেষত বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক পদ অলংকৃত কৰি ২০০৭ চনৰ জুলাই মাহত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি নিজকে বিভিন্ন সামাজিক কৰ্মৰ সৈতে জড়িত কৰি ৰাখে । সদায় নাৰী শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা ৰিজু কুমাৰ ব্ৰহ্মই তেখেতৰ প্ৰয়াত পত্নী উৰ্বশী ব্ৰহ্মৰ নামত কাশিকোত্ৰাত উৰ্বশী ব্ৰহ্ম মেমোৰিয়াল গাৰ্লচ হাই স্কুল স্থাপন কৰিছিল ।

তদুপৰি তেখেতে বড়ো সাহিত্য সভাৰ ওপৰত ৰচনা কৰা কিতাপ এখন বৰ্তমান বড়ো ভাষাৰ স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী সকলৰ পাঠ্যক্ৰমত সন্নিবিষ্ট হৈ আছে । প্ৰয়াত ৰিজু কুমাৰ ব্ৰহ্মৰ আন এটা হৈছে বড়ো জাতীয় সশস্ত্ৰ সংগ্ৰামৰ গুৰিধৰোঁতা প্ৰেম সিং ব্ৰহ্মৰ জেষ্ঠ্য ভাতৃ । মৃত্যুৰ সময়ত ৰিজু কুমাৰ ব্ৰহ্মই তিনি পুত্ৰ আৰু চাৰি কন্যা সন্তান আৰু নাতি নাতিনীক সংসাৰত এৰি থৈ যায় ।

আৰু পঢ়কঃ জলবায়ু পৰিৱৰ্তনৰ প্ৰতি বুঢ়া আঙুলি প্ৰদৰ্শন কৰি অনুমতি লাভ কৰিলে ব্ৰিটেইনৰ কুম্ব্ৰিয়া কয়লাখনিয়ে...

assam chirang