/asomiyapratidin/media/media_files/2025/01/21/VMBt2FuG1ZNV5PWTM4A9.png)
গোলোকগঞ্জত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
ডিজিটেল সংবাদ, ধুবুৰী : নকল সোণৰ বিৰুদ্ধে গোলোকগঞ্জত আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। এই অভিযানত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ নকল সোণ। লগতে আটক কৰে এজন সৰবৰাহকাৰীক।
প্ৰাপ্ত তথ্য মতে সোমবাৰে নিশা ৯-০০ মান বজাত গোপন সুত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মীয়মান উৰণসেতুৰ তলত চলাইছিল অভিযান। অভিযানত ধুবুৰীৰ পৰা কোচবিহাৰ অভিমুখী যাত্ৰীবাহী বাছৰ পৰা নিজাম উদ্দিন ফকিৰ নামৰ এজন ব্যক্তিক আটক কৰি তালাচী চলায়।
আৰক্ষীৰ এই তালাচীত লোকজনৰ পৰা ৭০০ গ্ৰাম নকল সোণ উদ্ধাৰ কৰাৰ লগতে ১৭ হাজাৰ ৭০ টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে গৌৰীপুৰৰ পৰা নকল সোণখিনি কলকাতা লৈ গৈ আছিল। ধৃত নিজাম উদ্দিন ফকিৰৰ ঘৰ গৌৰীপুৰৰ ডাংগীৰ চৰত।