নগাঁৱৰ ৰূপহীহাটত গুলীচালনা : এজন আহত, অস্ত্ৰ উদ্ধাৰ...

নগাঁৱৰ ৰূপহীহাটত গুলীচালনা : এজন আহত, অস্ত্ৰ উদ্ধাৰ
নগাঁৱৰ ৰূপহীহাটত গুলীচালনা : এজন আহত, অস্ত্ৰ উদ্ধাৰ

ডিজিটেল সংবাদ নগাঁও : নগাঁৱৰ ৰূপহীহাটত গুলীচালনাৰ ঘটনা ৷ ৰূপহীহাটৰ গুনাবাৰী নামৰ স্হানত হৈছে এই গুলীচালনাৰ ঘটনা ৷ জানিব পৰা মতে আৰক্ষীয়ে ডকাইতৰ দলৰ বিৰুদ্ধে চলালে গুলী ৷ আৰক্ষীৰ গুলীত আহত হৈছে এজন লোক ৷

আৰক্ষীৰ গুলীত আহত লোকজনৰ নাম ৰাজিবুল হক ৷ আহত ৰাজিবুল হকক ভৰ্তি কৰোৱা হৈছে নগাঁও অসামৰিক চিকিৎসালয়ত ৷ ইফালে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে দুটাকৈ ডকাইতক ৷

আটক কৰা ডকাইত দুটাৰ নাম হৈছে জামাল উদ্দিন আৰু জহিৰুল ইছলাম ৷ আৰক্ষীয়ে এই অভিযানৰ সময়ত উদ্ধাৰ কৰিছে এটা পিষ্টল ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ঘটনাস্হলীলৈ নগাঁৱৰ পৰা ৰাওনা হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়া ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in