যোৰহাটত জঘণ্য হত্যাকাণ্ড ! ঘৰৰ সন্মুখতেই ডিঙি কাটি এজন হত্যা দুৰ্বৃত্তৰ...

যোৰহাটত জঘণ্য হত্যাকাণ্ড ! ঘৰৰ সন্মুখতেই ডিঙি কাটি এজন হত্যা দুৰ্বৃত্তৰ
যোৰহাটত জঘণ্য হত্যাকাণ্ড ! ঘৰৰ সন্মুখতেই ডিঙি কাটি এজন হত্যা দুৰ্বৃত্তৰ

ডিজিটেল ডেস্কঃ পুনৰ এক হত্যাকাণ্ডই জোকাৰি গৈছে যোৰহাট। জিলাখনৰ পাখিমাৰি অঞ্চলত সংঘটিত হৈছে এই হত্যাকাণ্ড। জানিব পৰা মতে গাঁওখনৰ এজন যুৱকক ঘৰৰ সন্মুখতেই ডিঙি কাটি হত্যা কৰিলে দুৰ্বৃত্তই ।

দেওবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। ঘটনা সন্দৰ্ভত স্থানীয় লোকে আগবঢ়োৱা ভাষ্য অনুসৰি দেওবাৰে নিশা প্ৰথমে গাঁওবুঢ়াই তেজেৰে ৰাঙলী হৈ পৰি থকা এটা মৃতদেহ প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত স্থানীয় পুলিবৰ আৰক্ষীক খবৰ দিয়া হৈছিল।

ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰে। ইফালে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ পিছতহে মৃত যুৱকজনৰ পৰিয়ালে ঘটনা সম্পৰ্কে জানিব পাৰে।

ইয়াৰ পিছতে যুৱকজনৰ পৰিয়ালৰ মাজত লাগে হুৱাদুৱা। অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্য। উল্লেখ্য যে হত্যাকাণ্ডৰ বলি হোৱা যুৱকজনৰ নাম ৰাজুল বৰা (৪০)। স্থানীয় লোকে ৰাতুল বৰাৰ হত্যাকাৰীত শীঘ্ৰেই কৰায়ত্ত কৰিবলৈ দাবী জনাইছে।

ইফালে মৃতদেহটো উদ্ধাৰ কৰা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। এই পৰ্যন্ত ৰাতুলক কোনে আৰু কিয় হত্যা কৰিলে সেই বিষয়ে কোনো তথ্য লাভ কৰিব পৰা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in