ৰৌংগুৰ বড়োক ইউপিপিএলৰ যুৱ শাখাৰ মুখপাত্ৰ হিচাপে নিযুক্তি

বড়ো নেশ্যনেল ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছুৰ পৰা ফালৰি কাটি আহি শেহতীয়াকৈ ইউপিপিএলত দলত যোগদান কৰা ৰৌংগুৰ বড়োক ইউপিপিএলৰ যুৱ শাখাৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়ে ৷
ৰৌংগুৰ বড়োক ইউপিপিএলৰ যুৱ শাখাৰ  মুখপাত্ৰ হিচাপে নিযুক্তি

ডিজিটেল সংবাদ,কোকৰাঝাৰ: বড়ো নেশ্যনেল ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছুৰ পৰা ফালৰি কাটি আহি শেহতীয়াকৈ ইউপিপিএলত দলত যোগদান কৰা ৰৌংগুৰ বড়োক ইউপিপিএলৰ যুৱ শাখাৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়ে ৷ আনুষ্ঠানিকভাৱে মঙলবাৰে দলীয় দায়িত্ব অৰ্পণ কৰে ইউপিপিএলৰ যুৱ নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ড° নিলুৎ স্বৰ্গীয়াৰীয়ে ৷

ইউপিপিএলৰ যুৱ গোটৰ মুখপাত্ৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি বিৰোধী দল হাগ্ৰামা মহিলাৰী, বিপিএফ দল আৰু বড়ো নেশ্যনেল ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছুৰ বিৰুদ্ধে সৰব হৈ পৰে ৰৌংগুৰ বড়ো ৷ হাগ্ৰামা মহিলাৰী আৰু বনছুক কঠোৰ ভাষাৰে সমালোচনা কৰে তেওঁ ৷

হাগ্ৰামা মহিলাৰীয়ে ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে বনছু’ক ব্যৱহাৰ কৰাৰ অভিযোগ ৰৌংগুৰ বড়োৰ ৷ বনছুক কটাক্ষ কৰি কয় যে বনছু হৈছে পুুৰণা বটলৰ পুৰনা মদ ৷

বড়ো জাতীয় আৱেগলৈ বনছু গঠন হোৱা নাই ৷ বনছু গঠনৰ উদ্দেশ্যে হ’ল ৰাজনৈতিক লাভালাভ ৷ তেওঁলোকৰ মুখ্যত কাম হ’ল বড়ো জাতিক লৈ বিভাজনৰ ৰাজনীতি কৰা ৷

বনছুৰ পৃথক বড়োলেণ্ড আন্দোলনকো নিৰ্বাচনী প্ৰচাৰ আখ্যা দিলে ৰৌংগুৰ বড়োই ৷

বনছু’ক নেতৃত্ব দিয়া বঞ্জিত মঞ্জিল বসুমতাৰীয়ে কোন পক্ষৰ পৰা আহিছে বহলাই কোৱাৰ প্ৰয়োজন নাই বুলি সমালোচনা কৰে ৷

ইউপিপিএল দলত যোগদান কৰা সন্দৰ্ভতো ৰৌংগুৰ বড়োৰ স্পষ্টীকৰণ ৷ প্ৰমোদ বড়োৰ প্ৰশংসা কৰি কয় যে তেওঁৰ বলিষ্ট নেতৃত্বত বিটিআৰত শান্তি আৰু উন্নয়ন প্ৰতিষ্ঠা হৈছে৷

সকলো দিশ চালিজাৰি চাই আৰু ইউপিপিএলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁ ইউপিপিএল দলত যোগ দিয়া বুলি মন্তব্য কৰে ৰৌংগুৰ বড়োই ৷ সংবাদমেলত ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীও উপস্থিত আছিল ৷

আৰু পঢ়ক: ছিপাঝাৰৰ লাওজানত কেঞ্চাৰ ৰোগৰ সজাগতা সভা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in