৯জুনত নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ...

৯জুনত নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ...

author-image
Asomiya Pratidin
New Update
৯জুনত নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ...

ডিজিটেল ডেস্কঃ ৯জুনত শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে। তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’বলৈ সাজু হৈছে মোডী। সন্ধিয়া ৬বজাত অনুষ্ঠিত হব শপত গ্ৰহণ অনুষ্ঠান।

Advertisment

উল্লেখযোগ্য যে মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেশ, শ্ৰীলংকা, ভূটান, নেপালকে ধৰি কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকল। মোডীৰ এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হ'ব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা।

জানিব পৰা মতে শ্রীলংকাৰ ৰাষ্ট্রপতি ৰণিল উইক্রেমসিংহেই প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ শপতগ্রহণ অনুষ্ঠানলৈ জনোৱা আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাইছে। ফোন কলৰ উপৰিও এটা সামাজিক মাধ্যমৰ বার্তাত শ্রীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অলপতে হৈ যোৱা নিৰ্বাচনত এন ডি এ চৰকাৰে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবে আৰু একেৰাহে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীক প্রধানমন্ত্রী হিচাপে নির্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়।

Also Read: অসম আন্দোলনৰ নেত্ৰী জয়মতী কলিতাৰ বিয়োগ...

narendra modi oth taking