অসম আন্দোলনৰ নেত্ৰী জয়মতী কলিতাৰ বিয়োগ...

অসম আন্দোলনৰ নেত্ৰী জয়মতী কলিতাৰ বিয়োগ...

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম আন্দোলনৰ নেত্ৰী জয়মতী কলিতা আৰু নাই। টিহুৰ ওচৰৰ কনিমৰা গাঁৱৰ ধৰ্ম প্ৰাণা মহিলা, প্ৰয়াত সমাজকৰ্মী কৃষক দাসৰাম কলিতাৰ পত্নী, জয়মতী কলিতা বৃহস্পতিবাৰে পুৱা প্ৰায় ৩-৩০বজাত মৃত্যু হয়। কাহিকুছিৰ কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী মাজুপুত্ৰ ড০ ধীৰেন্দ্ৰনাথ কলিতাৰ আৱাসত শুই থকা অৱস্থাতেই বাৰ্ধক্যজনিত কাৰণত প্ৰায় ৮৮ বছৰ বয়সত হঠাৎ জয়মতী কলিতাই পৰলোকলৈ গমন কৰে।

মৃত্যুৰ সময়ত তেখেতে ৩গৰাকী কন্যা, ৩গৰাকী পুত্ৰ, ১৩গৰাকী নাতি-নাতিনী আৰু আজুনাতি এৰি থৈ গৈছে। তেখেত আছিল গুৱাহাটী কমাৰ্চ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ হোমেশ্বৰ কলিতা আৰু চেঙাস্থিত মধ্য কামৰূপ কলেজৰ সহযোগী অধ্যাপিকা জুনু কলিতা বায়নৰ মাতৃ।

জয়মতী কলিতা ১৯৮৩ চনৰ ২১ জানুৱাৰী তাৰিখে অসম আন্দোলনৰ কালছোৱাত পুলিচ চি,আৰ,পিৰ অত্যাচাৰত গুৰুতৰভাৱে আহত হৈছিল। অত্যন্ত সজ স্বভাৱৰ দয়াশীল সমাজকৰ্মীগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

অসম আন্দোলনৰ নেত্ৰী জয়মতী কলিতাৰ বিয়োগ...
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচৰ পূৰ্বে সুনীল চেত্ৰীলৈ শুভেচ্ছা লুকা মদ্ৰিচৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in