/asomiyapratidin/media/media_files/2025/07/06/whatsapp-image-202-2025-07-06-21-45-49.jpeg)
ডিজিটেল ডেস্কঃ আজি ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোডীয়ে। সন্মিলনত অংশ লয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ‘শান্তি-নিৰাপত্তা আৰু বিশ্ব শাসন সংস্কাৰ’ শীৰ্ষক অধিবেশনত ভাষণ প্ৰদান কৰে।
শ্ৰী মোডীয়ে নিজ এক্স হেণ্ডেলত প্ৰকাশ কৰা অনুসৰি, গ্ল’বেল চাউথৰ কণ্ঠ পূৰ্বতকৈ কিয় অধিক গুৰুত্বপূৰ্ণ আৰু গ্ল’বেল প্ৰতিষ্ঠানসমূহে নিজৰ বিশ্বাসযোগ্যতা আৰু ফলপ্ৰসূতাৰ বাবে গ্ল’বেল চাউথক পৰ্যাপ্ত প্ৰতিনিধিত্ব প্ৰদান কৰাটো কিয় অতি প্ৰয়োজনীয় সেই সম্পৰ্কে তেওঁ নিজৰ মতামত প্ৰকাশ কৰে।
ব্ৰিকছৰ সপ্তদশ সন্মিলনত প্রধানমন্ত্রী মোডীয়ে কয়, ‘এআই আৰু প্রতি সপ্তাহত প্রযুক্তি উন্নীতকৰণৰ যুগত ৮০ বছৰত এবাৰো কোনো বিশ্বব্যাপী প্রতিষ্ঠান আপডেট নকৰাটো গ্রহণযোগ্য নহয় ৷ ২০ শতিকাৰ টাইপৰাইটাৰত একবিংশ শতিকাৰ চফট্ ৱেৰ চলাব নোৱাৰে'।
তেওঁ লগতে কয়, আজি বিশ্বক প্ৰয়োজন হৈছে এক নতুন, বহুমেৰু আৰু সৰ্বাংগীন বিশ্বব্যৱস্থাৰ। ইয়াৰ আৰম্ভণি হ’ব বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ ব্যাপক সংস্কাৰৰ পৰা। সংস্কাৰ কেৱল প্ৰতীকী হ’ব নালাগে, ইয়াৰ প্ৰকৃত প্ৰভাৱো দৃশ্যমান হ’ব লাগে।’
লক্ষ্যণীয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে ব্ৰিকছ সন্মিলনত বিশ্ব শাসন, শান্তি আৰু নিৰাপত্তা, বহুপক্ষীয়তাবাদ, কৃত্ৰিম বুদ্ধিমত্তা, জলবায়ু পৰিৱৰ্তন, বিশ্ব স্বাস্থ্য, অৰ্থনৈতিক প্ৰত্যাহ্বান আদিৰ সংস্কাৰকে ধৰি বিশ্বৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব।
উল্লেখ কৰা প্ৰয়োজন, এয়া চতুৰ্থবাৰৰ বাবে ব্ৰাজিল ভ্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ। দুদিনীয়া শীৰ্ষ সন্মিলনৰ পিছত তেওঁ ব্ৰাজিলিয়ালৈ ৰাজ্যিক ভ্ৰমণৰ বাবে যাত্ৰা কৰিব।