/asomiyapratidin/media/media_files/2025/07/18/1-2025-07-18-08-01-43.jpg)
ডিজিটেল ডেস্কঃ আজি বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পুৱা প্ৰায় ১১.৩০ বজাত প্ৰধানমন্ত্ৰী মোডীয়ে বিহাৰৰ মতিহাৰী জিলাত ৭,২০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। মতিহাৰীত এখন ৰাজহুৱা সভাতো ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, বিহাৰত মতিহাৰীৰ পিছত প্ৰধানমন্ত্ৰী মোডী পশ্চিমবংগলৈ যাব আৰু বিয়লি প্ৰায় ৩ বজাত দুৰ্গাপুৰত ৫ হাজাৰ কোটিতকৈ অধিক মূল্যৰ ৰেল, পথ, গ্ৰামোন্নয়ন, মীন, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি উদ্বোধন কৰিব। দুৰ্গাপুৰত এখন ৰাজহুৱা সভাতো ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে।
লক্ষ্যণীয় যে, আজি বিহাৰ-লক্ষ্ণৌ আৰু দিল্লীৰ মাজত চলি থকা চাৰিখন নতুন অমৃত ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব শ্ৰী মোডীয়ে । ইয়াৰে অন্তৰ্ভুক্ত পাটনাৰ ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেলৰ পৰা দিল্লীলৈ, মতিহাৰীৰ বাপুধামৰ পৰা দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেললৈ, দৰভংগাৰ পৰা লক্ষ্ণৌ (গোমতী নগৰ) আৰু মালদা টাউনৰ পৰা ভাভলগড় হৈ লক্ষ্ণৌ (গোমতী নগৰ)লৈ অমৃত ভাৰত ৰে’ল।
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰধানমন্ত্ৰী মোডীয়ে বিহাৰৰ পৰা কেইবাটাও ৰে’ল প্ৰকল্প দেশলৈ উৎসৰ্গা কৰিব, য’ত ৫৮০ কোটিৰো অধিক ব্যয় সাপেক্ষে দৰভংগা-সমস্তিপুৰ দুগুণ প্ৰকল্পও অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত ৰে’ল পৰিচালনাৰ ক্ষমতা বৃদ্ধি পাব আৰু পলম হ্ৰাস পাব।
লগতে প্ৰধানমন্ত্ৰীয়ে কেইবাটাও নতুন ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত পাটলীপুত্ৰৰ বন্দে ভাৰত ৰে’লৰ ৰক্ষণাবেক্ষণৰ বাবে আন্তঃগাঁথনি উন্নয়ন। প্ৰায় ৪,০৮০ কোটি টকাৰ দৰভংগা-নৰকটীয়াগঞ্জ ৰেল লাইন দুগুণীকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হ’ব।
ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰায় ১৯৫০ কোটি টকা ব্যয় সাপেক্ষে পশ্চিমবংগৰ বাংকুৰা আৰু পুৰুলিয়া জিলাত ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডৰ চিটি গেছ ডিষ্ট্ৰিবিউচন (চিজিডি) প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
উল্লেখযোগ্য, শ্ৰী মোডীয়ে আজিৰ ভ্ৰমণকালতে প্ৰধানমন্ত্ৰী উৰ্জা গংগা (পিএমইউজি) প্ৰকল্পৰ অধীনত জগদীশপুৰ-হালদিয়া আৰু বোকাৰো-ধমৰা পাইপলাইনৰ অংশ দুৰ্গাপুৰৰ পৰা কলকাতালৈ (১৩২ কিলোমিটাৰ) প্ৰাকৃতিক গেছ পাইপলাইন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব।