ব্ৰিকছ দেশসমূহৰ সৈতে মিলি বিশ্বক উন্নত স্থান হিচাপে গঢ়ি তুলিবলৈ ভাৰত সাজুঃ প্ৰধানমন্ত্ৰী মোডী

ব্যক্তিগত বা ৰাজনৈতিক লাভৰ বাবে সন্ত্ৰাসবাদক মৌন সন্মতি দিয়া, সন্ত্ৰাসবাদ বা সন্ত্ৰাসবাদীক সমৰ্থন কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নালাগে।

New Update
1

ডিজিটেল ডেস্কঃ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হোৱা ১৭ সংখ্যক ব্ৰিকছৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাকিস্তানৰ নাম নোলোৱাকৈয়ে পহলগাম আক্ৰমণৰ পিছত অপাৰেচন সিন্দুৰৰ সময়ত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ চীন আৰু পাকিস্তান দুয়োখনকে তীব্ৰ সমালোচনা কৰে।

Advertisment

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, সন্ত্ৰাসবাদৰ বলি হোৱা আৰু সমৰ্থকসকলক একেখন তুলাচনীত ৰখা উচিত নহয়। সন্ত্ৰাসবাদ আজি মানৱতাৰ বাবে আটাইতকৈ গুৰুতৰ প্ৰত্যাহ্বান হৈ পৰিছে। সন্ত্ৰাসবাদক মানৱতাৰ আটাইতকৈ ডাঙৰ ভাবুকি আখ্যা দি শ্ৰী মোডীয়ে কয় যে, সন্ত্ৰাসবাদ বিৰোধী কাৰ্য্যত কোনো আপোচ হ’ব নালাগে। তেওঁ গাজাৰ মানৱীয় পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি শান্তিৰ পথ বাচনি কৰিবলৈও আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনৰ বাবেও সকলো দেশক আমন্ত্ৰণ জনায়।

ব্ৰিকছ শীৰ্ষ সন্মিলনৰ যৌথ বিবৃতিত পহলগাম আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ লগতে এইটোও স্পষ্টকৈ উল্লেখ কৰে যে, এনে কাণ্ডক কোনো কাৰণতে ন্যায্যতা প্ৰদান কৰিব নোৱাৰি। আমি সকলো ধৰণৰ সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দিছো। ইয়াৰ ভিতৰত সন্ত্ৰাসবাদীৰ সীমা অতিক্ৰম কৰি চলাচল, সন্ত্ৰাসবাদীৰ বিত্তীয় সাহায্য আৰু তেওঁলোকক নিৰাপদ আশ্ৰয়স্থল প্ৰদান কৰা আদি অন্তৰ্ভুক্ত।

তেওঁ আৰু কয় যে, ব্যক্তিগত বা ৰাজনৈতিক লাভৰ বাবে সন্ত্ৰাসবাদক মৌন সন্মতি দিয়া, সন্ত্ৰাসবাদ বা সন্ত্ৰাসবাদীক সমৰ্থন কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নালাগে। সন্ত্ৰাসবাদ সন্দৰ্ভত কথা আৰু কামৰ মাজত কোনো পাৰ্থক্য থাকিব নালাগে। প্ৰধানমন্ত্ৰীয়ে পশ্চিম এছিয়াৰ পৰা ইউৰোপলৈকে বিশ্বত চলি থকা সংঘাত আৰু উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰে। গাজাৰ মানৱীয় পৰিস্থিতিৰ প্ৰতিও তেওঁ উদ্বেগ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত ভগৱান বুদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি। ভাৰতত যুদ্ধ আৰু হিংসাৰ কোনো স্থান নাই। বিশ্বক বিভাজন আৰু সংঘাতৰ পৰা আঁতৰাই আলোচনা, সহযোগিতা আৰু সমন্বয়ৰ দিশত আগবাঢ়ি যোৱা প্ৰতিটো প্ৰচেষ্টা ভাৰতে সমৰ্থন কৰে। 

অৱশেষত প্ৰধানমন্ত্ৰীয়ে অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনলৈ সকলো দেশকে আমন্ত্ৰণ জনায়। তেওঁ কয়, অহা বছৰ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া ব্ৰিকছ সন্মিলনৰ বাবে আপোনালোক সকলোকে ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাইছো। ব্ৰিকছ দেশসমূহৰ সৈতে মিলি বিশ্বক উন্নত স্থান হিচাপে গঢ়ি তুলিবলৈ ভাৰত সাজু।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী