Advertisment

প্ৰধানমন্ত্ৰী ই- ড্ৰাইভ আঁচনিৰ অধীনত বৈদ্যুতিক বাহনৰ বিক্ৰীৰ অভিলেখ...

প্ৰধানমন্ত্ৰী ই- ড্ৰাইভ আঁচনিৰ অধীনত বৈদ্যুতিক বাহনৰ বিক্ৰীৰ অভিলেখ...

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰী ই- ড্ৰাইভ আঁচনিৰ অধীনত বৈদ্যুতিক বাহনৰ বিক্ৰীৰ অভিলেখ...

ডিজিটেল ডেস্ক : দেশৰ বৈদ্যুতিক বাহন নিৰ্মাতা প্ৰতিষ্ঠানৰ বাবে ভাল খবৰ। দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ গ্ৰাহকৰ সংখ্যা। অভিলেখ হাৰত গ্ৰাহকে ক্ৰয় কৰিছে বৈদ্যুতিক বাহন। কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা এক প্ৰতিবেদন এই তথ্য ৰাজহুৱা কৰা হৈছে।

Advertisment

প্ৰতিবেদনত উল্লেখ কৰা মতে প্ৰধানমন্ত্ৰী ই- ড্ৰাইভ আঁচনিৰ অধীনত ক্ৰয় কৰা বৈদ্যুতিক বাহনে অভিলেখ ৰচিবলৈ সক্ষম হৈছে। এই আঁচনিৰ অধীনত দেশত দ্ৰুতহাৰত বিক্ৰী হৈছে বৈদ্যুতিক বাহন। এয়া এক শুভ লক্ষণ বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী ই- ড্ৰাইভ আঁচনিয়ে লোৱা পদক্ষেপৰ বাবে এই সফলতা অৰ্জন কৰিছে। ২০২৪-২৫ বৰ্ষত এতিয়ালৈকে বিক্ৰী হোৱা দুচকীয়া ইভি বাহনৰ সংখ্যা ৫,৭১,৪১১ অতিক্ৰম কৰিছে। একে সময়তে ই-ৰিক্সাকে ধৰি আন তিনিচকীয়া বাহনৰ বিক্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে।

উক্ত সময়ছোৱাত বিক্ৰী হোৱা তিনিচকীয়া বাহনৰ সংখ্যা ৭১, ৫০১ হৈছেগৈ। কেন্দ্ৰীয় কেবিনেটে বৈদ্যুতিক বাহন ক্ৰয় কৰা গ্ৰাহকসকলক উৎসাহিত কৰিবলৈ শেহতীয়াকৈ ১০,৯০০ কোটি টকাৰ ব্যয়ৰ অনুমোদন জনাইছে।

এই ধন ব্যয়ৰে ১ অক্টোবৰ ২০২৪ৰ পৰা ৰূপায়ণ হ’ব লগা আঁচনিখন ৩১ মাৰ্চ ২০২৬লৈ কাৰ্যকৰী হৈ থাকিব। বৈদ্যুতিক বাহনৰ বাবে বহন কৰা আঁচনিখনৰ মূল লক্ষ্য হৈছে- বৈদ্যুতিক বাহনৰ প্ৰতি গ্ৰাহকক আকৰ্ষিত কৰা, আৱশ্যকীয় চাৰ্জিঙৰ বাবে সেৱা উপলব্ধ কৰা, আন্তঃগাঁথনি বিকাশ কৰা আৰু সমগ্ৰ দেশতে এক শক্তিশালী ইভি নিৰ্মাণৰ পৰিৱেশ গঢ়ি তোলা। কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰালয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে।

আঁচনিৰ অধীনত বৈদ্যুতিক বাহন ক্ৰয় কৰা গ্ৰাহকক আগতীয়াকৈ ইনচেনটিভ প্ৰদান কৰা, চাৰ্জিং আন্তঃগাঁথনিৰ বিকাশত উদগনি দিয়াৰ লগতে বৈদ্যুতিক বাহন বিক্ৰীৰ ত্বৰান্বিত কৰাৰ লক্ষ্য লৈছে চৰকাৰে। ইয়াৰ জৰিয়তে পৰিবহন সম্পৰ্কীয় পাৰিপাৰ্শ্বিক প্ৰভাৱ হ্ৰাস কৰা আৰু বায়ুৰ মানদণ্ড উন্নত কৰাৰ চেষ্টা কৰিছে চৰকাৰে।

বৈদ্যুতিক বাহন গ্ৰহণৰ ক্ষেত্ৰত দেশজুৰি গ্ৰাহকৰ আগ্ৰহ বাঢ়িছে। ২০৭০ চনৰ ভিতৰত সমগ্ৰ দেশতে বৈদ্যুতিক বাহন ১০০ শতাংশ হোৱাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে।

এই আঁচনিৰ অধীনত ৰাজ্যিক পৰিবহণ প্ৰতিষ্ঠান / ৰাজহুৱা পৰিবহন সংস্থাৰ দ্বাৰা ১৪,০২৮ খন বৈদ্যুতিক বাছ ক্ৰয়ৰ বাবে ৪,৩৯১ কোটি টকা আৱণ্টন দিয়া হৈছে। ইয়াৰ লগতে ৰাজহুৱা চাৰ্জিং ষ্টেচনৰ এক শক্তিশালী নেটৱৰ্ক স্থাপন কৰিব।

যাৰ ভিতৰত আছে ই-৪ ডব্লিউৰ বাবে ২২,১০০ দ্ৰুত চাৰ্জাৰ, ই-বাছৰ বাবে ১,৮০০ আৰু ই-২ ডব্লিউ আৰু ই-৩ডব্লিউৰ বাবে ৪৮,৪০০ চাৰ্জিং পইণ্ট স্থাপন। নিৰ্বাচিত ঘাইপথৰ লগতে মুখ্য চহৰবোৰত এই চাৰ্জিং পইণ্টবোৰ স্থাপন কৰিব। আঁচনিখনৰ অধীনত আন্তঃগাঁথনি উন্নয়নৰ বাবে মুঠ ব্যয় হ’ব ২,০০০ কোটি টকা।

Also Read: গহপুৰত চাঞ্চল্যকৰ ঘটনা ! পুত্ৰহন্তা পিতৃয়ে ল’লে চৰমপন্থা...

Electric Vehicle PM E-DRIVE Scheme