Advertisment

গহপুৰত চাঞ্চল্যকৰ ঘটনা ! পুত্ৰহন্তা পিতৃয়ে ল’লে চৰমপন্থা...

গহপুৰত চাঞ্চল্যকৰ ঘটনা ! পুত্ৰহন্তা পিতৃয়ে ল’লে চৰমপন্থা...

author-image
Asomiya Pratidin
New Update
গহপুৰত চাঞ্চল্যকৰ ঘটনা ! পুত্ৰহন্তা পিতৃয়ে ল’লে চৰমপন্থা...

ডিজিটেল সংবাদ, গহপুৰ : গহপুৰৰ সোলেঙীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। যি ঘটনাই এতিয়া বৃহত্তৰ অঞ্চলজুৰি সৃষ্টি কৰিছে চেপা উত্তেজনাৰ। মানৱ সমাজক কলংকিত কৰি নিজৰ ৮ বছৰীয়া পুত্ৰক গাৰুৰে হেঁচি হত্যা কৰা পিতৃ মৃগাংক শইকীয়াই বৃহস্পতিবাৰে নিশা আত্মহত্যাৰ পথ বাছি লয়।

Advertisment

জানিব পৰা মতে নিশা গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বড়িগাঁও তিনিআলিৰ সমীপত নিৰ্মীয়মাণ এটা দুই মহলীয়া অট্টালিকাত আত্মহত্যা কৰে পাষাণ পিতৃ মৃগাংক শইকীয়াই। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত দিনাই সন্ধিয়া মৃগাংক শইকীয়াই পত্নী ঘৰত নথকাৰ সুযোগ লৈ শোৱাপাটীতে গাৰুৰে হেঁচি হত্যা কৰিছিল নিজ পুত্ৰক। ঘটনা সংঘটিত কৰিয়েই মৃগাংক শইকীয়াই স্কুটিৰে পলায়ন কৰিছিল।

পিতৃৰ হাতত মৃত্যুক আঁকোৱালি লোৱা দুৰ্ভগীয়া সন্তানটিৰ নাম হৈছে আয়ুস্মান শইকীয়া। কিছুদিন পূৰ্বে তেঁওৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাত মৃগাংকৰ বায়েক আৰু ভিনিহিয়েকে আয়ুস্মানৰ খবৰ ল’বলৈ আহিছিল। শোৱাপাটীত থকা আয়ুস্মানৰ খবৰ ল’বলৈ অহা বায়েক আৰু ভিনিহিয়েকক ঘৰৰ ভিৰতলৈ যাবলৈ বাধা দিছিল ধৃত মৃগাংকই। কিন্তু কিছু সময়ৰ পাছতে পত্নীয়ে আহি ঘৰত সোমাই প্ৰত্যক্ষ কৰে অনাকাঙ্খিত দৃশ্য। নিথৰ হৈ পৰিছে তেঁওলোকৰ সন্তান আয়ুস্মান।

ইয়াৰ পাছতে ঘৰৰ পৰা স্কুটী লৈ পলায়ন কৰিছিল মৃগাংকই। শোৱাপাটীত নিথৰ হৈ পৰি থকা আয়ুস্মানক লৈ যোৱা হৈছিল ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ, কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসকে আয়ুস্মানক মৃত বুলি ঘোষণা কৰে। ইয়াৰ পাছতে ঘৰখনৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰ মাজত হুৱা-দুৱা লাগে।

ইফালে নৰখাদক মৃগাংক শইকীয়াই নিশাৰভাগত দুমহলীয়া অট্টলিকাত বাছি লয় আত্মহত্যাৰ পথ। পুত্ৰ হত্যাৰ দৰে মহাপাপ অৰ্জা মৃগাংকৰ এই ঘটনাৰ আঁৰত কি ৰহস্য লুকাই আছে, সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Also Read: গহপুৰত ৮ বছৰীয়া পুত্ৰক গাৰুৰে হেঁচি হত্যাঃ পলাতক ঘাটক পিতৃ

gohpur crime Assam police