ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত পদক অৰ্জন চিলাপথাৰৰ খেলুৱৈৰ...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডোত প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে চিলাপথাৰৰ কেইবাজনো প্ৰতিভাৱান খেলুৱৈ । যোৱা ২১ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতা।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,চিলাপথাৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডোত প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে চিলাপথাৰৰ কেইবাজনো প্ৰতিভাৱান খেলুৱৈ । যোৱা ২১ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতা।

Advertisment

দেশৰ বহু আগশাৰীৰ খেলুৱৈক চেৰাই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জিলিকিছে চিলাপথাৰৰ প্ৰতিভাৱান খেলুৱৈ কেইজন । ৬টা স্বৰ্ণ আৰু ৩ টা ৰূপৰ পদকেৰে জিলিকিল চিলাপথাৰৰ দলটো।

প্ৰশিক্ষক ডেভিদ থাপাৰ উদ্যোগত যোৱা দহ জনীয়া দলটোৰ ক্ৰমে নিখিল থাপ্পা,অংকুৰ থাপ্পা,মমতা থাপ্পা,লাকী টায়েং, নিতুল টায়ে,উদ্দীপ ভূঞাই সোণৰ পদক লাভ কৰাৰ বিপৰীতে সন্তোষ পাৰ্টীৰ,আদিত্য বিশ্বকৰ্মা,ভক্ত বিশ্বকৰ্মাই ৰূপৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে অঞ্চলোটোলৈ ।

আজি পুৱাতে ৰে'ল ষ্টেচনত আহি উপস্থিত হোৱা দলটোৰ প্ৰশিক্ষক ডেভিদ থাপাৰ লগতে পুৰষ্কৃত খেলুৱৈ সকলক ফুলাম গামোচাৰ সম্বৰ্ধনা জনাই উজ্বল ভৱিষ্যত কামনা কৰিছে স্থানীয় ৰাইজে ।

টাইকোৱাণ্ড