পিয়ানো কিডছৰ 'জীৱন কৃষ্ণ অন্তৰংগ মঞ্চ' উদ্বোধন...

"জীৱকৃষ্ণ অন্তৰংগ মঞ্চ" খন বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে বিশিষ্ট শিল্পী সূৰ্য গোস্বামীয়ে। উন্মোচনী ভাষণত তেখেতে পিয়ানো কিডছৰ উত্তৰণত সন্তুষ্টি প্ৰকাশ কৰি শুভকামনা জ্ঞাপন কৰে। ন শিকাৰুৰ বাবে কুশল কৃষ্ণ দেৱ গোস্বামীয়ে প্ৰণয়ন কৰা পাশ্চাত্য সংগীত শিক্ষনৰ গ্ৰন্থ 'স্কেল ষ্টাডি' উন্মোচন কৰে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱব্ৰত খনিকৰ আৰু ৰিপু গগৈয়ে।

author-image
Asomiya Pratidin
New Update
পিয়ানো কিডছৰ 'জীৱন কৃষ্ণ অন্তৰংগ মঞ্চ' উদ্বোধন...

পিয়ানো কিডছৰ উদ্বোধন কৰা মঞ্চখন

ডিজিটেল ডেস্কঃ ৰাজ্যৰ পিয়ানো বাদন শিক্ষা প্ৰদান কৰা এখন অগ্ৰণী শিক্ষানুষ্ঠান পিয়ানো কিডছ। ২১ অক্টোবৰ ২০২২শুকুৰবাৰে এই শিক্ষানুষ্ঠানখনৰ মঞ্চ উদ্বোধনী এক অনুষ্ঠান অনুষ্ঠিত হয়। দিশপুৰৰ ৱাইৰলেছত থকা এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটিত আৰম্ভণীতে পিয়ানো কিডছৰ স্বত্বাধিকাৰী কুশল কৃষ্ণ দেৱ গোস্বামীয়ে অভ্যগত সকলক আদৰণি জনায়।

Advertisment
আদৰণি ভাষণ প্ৰদান কৰি থকা সময়ত কুশল কৃষ্ণ দেৱ গোস্বামী
আদৰণি ভাষণ প্ৰদান কৰি থকা সময়ত কুশল কৃষ্ণ দেৱ গোস্বামী

"জীৱকৃষ্ণ অন্তৰংগ মঞ্চ" খন বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে বিশিষ্ট শিল্পী সূৰ্য গোস্বামীয়ে। উন্মোচনী ভাষণত তেখেতে পিয়ানো কিডছৰ উত্তৰণত সন্তুষ্টি প্ৰকাশ কৰি শুভকামনা জ্ঞাপন কৰে। ন শিকাৰুৰ বাবে কুশল কৃষ্ণ দেৱ গোস্বামীয়ে প্ৰণয়ন কৰা পাশ্চাত্য সংগীত শিক্ষনৰ গ্ৰন্থ 'স্কেল ষ্টাডি' উন্মোচন কৰে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱব্ৰত খনিকৰ আৰু ৰিপু গগৈয়ে।

অনুষ্ঠানটিৰ একাংশ দৰ্শক আৰু উদ্বোধনৰ মুহুৰ্ত
অনুষ্ঠানটিৰ একাংশ দৰ্শক আৰু উদ্বোধনৰ মুহুৰ্ত

এই অনুষ্ঠানতে শুভাৰম্ভ কৰা হয় http://www.pianokids.in/ শীৰ্ষক Piano Kids ৰ এটা নিজা ৱেব চাইত। উপস্থিত সমজুৱাৰ হৈ ড° দেৱব্ৰত খনিকৰ আৰু ৰিপু গগৈয়ে বক্তব্য ৰাখে।

স্কেল ষ্টাডি উন্মোচনৰ সময়ত উন্মোচক ড০ দেৱব্ৰত খনিকৰ,ৰিপু গগৈ সহ উন্মোচকবৃন্দ
স্কেল ষ্টাডি উন্মোচনৰ সময়ত উন্মোচক ড০ দেৱব্ৰত খনিকৰ,ৰিপু গগৈ সহ উন্মোচকবৃন্দ

অনুষ্ঠানত পিয়ানো কিডছৰ ৰ ছাত্ৰ ছাত্ৰী সকলে 'মুক্তিত নিস্পৃহ' শীৰ্ষক প্ৰাৰ্থনাৰে অনুষ্ঠানটি আৰম্ভ কৰাৰ লগতে জুবিন গাৰ্গৰ "মায়াবিনী" আৰু ভূপেন হাজৰিকাৰ "দোলা দোলা" শীৰ্ষক গান কেইটা সুন্দৰকৈ পৰিবেশন কৰি দৃষ্টি আকৰ্ষণ কৰে।অনুষ্ঠানৰ আঁত ধৰে মালাবিকা শইকীয়াই।

ভাষণৰত অৱস্থাত ড০ খনিকৰ আৰু গগৈ
ভাষণৰত অৱস্থাত ড০ খনিকৰ আৰু গগৈ
guwahati PIYANO KIDS