বৰাক উপত্যকাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই

বৰাক উপত্যকাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই

ডিজিটেল সংবাদ,শিলচৰঃ বৰাক উপত্যকাত সৃষ্টি হোৱা বান পৰিস্থিতিৰ বুজ ল'বলৈ শিলচৰত উপস্থিত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা। কাছাৰ জিলাৰ তাৰাপুৰ শিৱবাৰীত বৰাক নদীয়ে বুৰাই পেলাবলৈ আৰম্ভ কৰা লোকনিৰ্মাণ বিভাগৰ পথত বিভাগে চলাই থকা কামৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগক এই পথটি চিঙাৰ পৰা ৰক্ষা কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে।

বিভাগীয় আৰু শিলচৰ, লক্ষীপুৰৰ বিধায়ক সহ কমলাক্ষ দে পুৰকায়স্থক লগত লৈ পীযুষ হাজৰিকাই শিববাৰী ৰোড পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। পিচত সংবাদ মাধ্যমৰ সৈতে মন্ত্ৰী গৰাকীয়ে কয় যে, ৰীমালৰ কাৰনে হোৱা বৰষুণৰ ফলত বৰাক উপত্যকাত ব্যাপক ক্ষতি হৈছে। কৰিমগঞ্জত ৪ টা মথাউৰি চিঙাৰ লগতে শিলচৰ কালাইন সংযোগী পথৰ শিববাৰীত বৰাকৰ বাঢ়নী পানী উঠিছে। পথটো যাতে ভাঙি নাযায়, তাৰবাবে বিহীত ব্যৱস্থা ল'বলৈ জল সম্পদ বিভাগক কঠোৰ নিৰ্দেশ দিয়া হৈছে।

সদ্যহতে তিনি তৰপীয়া জিওবেগ পেলোৱাৰ নিৰ্দেশ বুলিও মন্ত্ৰীগৰাকীয়ে জানিব দিয়ে। শিববাৰীৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে গড়কাপ্তানি বিভাগৰ সৈতে আলোচনা কৰি ইয়াৰ সমাধান কৰা হ'ব বুলিও জনায়।

ইফালে, কৰিমগঞ্জ জিলাৰ ভঙা মথাউৰি সমূহত মেগা জিও বেগ পেলাই ১৫ দিনৰ ভিতৰত মেৰামতি কৰি যাতায়তৰ সুচল কৰা হব বুলিও সাংবাদিকৰ আগত সদৰী কৰে পীযুষ হাজৰিকাই। শিলচৰৰ পৰা মন্ত্ৰী গৰাকী কৰিমগঞ্জৰ উদ্দ্যেশ্যে ৰাওনা হয়।

ইফালে, বৰাক উপত্যকাৰ বান পৰিস্থিতিৰ তদন্তৰ বাবে বৰাক উপত্যকাত উপস্থিত হয় মন্ত্ৰীগৰাকী। কৰিমগঞ্জলৈ যোৱাৰ পথত তেওঁ শিলচৰ চহৰৰ সমীপৰ শিববাৰী পথ এলেকা পৰিদৰ্শন কৰে।

বৰাক উপত্যকাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই
চতিয়াত ৰীমালৰ প্ৰভাৱঃ ভাঙি পৰিল এটা দুৰ্ভগীয়া পৰিয়ালৰ বাসগৃহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in