চতিয়াত ৰীমালৰ প্ৰভাৱঃ ভাঙি পৰিল এটা দুৰ্ভগীয়া পৰিয়ালৰ বাসগৃহ

চতিয়াত ৰীমালৰ প্ৰভাৱঃ ভাঙি পৰিল এটা দুৰ্ভগীয়া পৰিয়ালৰ বাসগৃহ

author-image
Asomiya Pratidin
New Update
চতিয়াত ৰীমালৰ প্ৰভাৱঃ ভাঙি পৰিল এটা দুৰ্ভগীয়া পৰিয়ালৰ বাসগৃহ

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ বৃহস্পতিবাৰে পুৱা অহা এজাক বৰষুণত ভাঙিল চতিয়াৰ ১নং নলবাৰীৰ সুৰেণ নাথ নামৰ ব্যক্তিজনৰ বাসগৃহ। কথমপিহে প্ৰাণ ৰক্ষা পৰিছে দুৰ্ভগীয়া পৰিয়ালটোৰ ৪ জন লোকৰ। সুৰেণ নাথ নামৰ লোকজনৰ বাসগৃহৰ নামত আছিল এটা টিঙৰ চালি দিয়া কেঁচা ঘৰ৷

Advertisment

ইপিনে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সুৰেণ নাথ দীৰ্ঘদিন ধৰি পেৰালাইচিছ ৰোগত আক্ৰান্ত হৈ শয্য়াগত। সুৰেণ নাথৰ পত্নীয়ে ৰুগীয়া স্বামী আৰু দুই সন্তানক ভৰণ পোষণৰ বাবে হোটেলত কাম কৰে ৷ যি সময়ত চৰকাৰে লাখ লাখ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্তন দিয়াৰ কথা কৈ আছে সেই সময়তে চতিয়া ৪ নং গাঁও পঞ্চায়তৰ এই দুৰ্ভগীয়া পৰিয়ালটোৱে পঞ্চায়তৰ সভাপতিক বহুবাৰ আহ্বান জনোৱা পিছতো নাপালে এটা গৃহ।

স্থানীয় ৰাইজৰ অভিযোগ মতে চতিয়া ৪ নং গাঁও পঞ্চায়তৰ তদানীন্তন সভানেত্ৰী কল্পনা ছেত্ৰীয়ে নিজ ইচ্ছা অনুযায়ী অযোগ্য মানুহকো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্তন দিছে। কিন্তু দৰিদ্ৰ পৰিয়ালেও পোৱা নাই প্ৰধানমন্ত্ৰী আৱাস গৃহ।

মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা বিশ্বনাথ বিধানসভা সমষ্টিৰ বহু দৰিদ্ৰ পৰিয়ালৰ ৰোগীক সাহায্য প্ৰদান কৰা হৈছিল। কিন্তু দীৰ্ঘদিনৰ পৰা জীৱন মৃত্যুৰ লগত যুঁজ কৰি অহা সুৰেণ নাথ সেই সাহায্যৰ পৰাও বঞ্চিত হৈ থাকিব লগা হৈছে।

এতিয়া প্ৰশ্ন হয় চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ কল্যাণৰ বাবে বহু অভিলাসী আঁচনি গ্ৰহণ কৰিছে। কিন্তু কাৰ ভূলৰ বাবে সুৰেণ নাথৰ দৰে বহু দুৰ্ভগীয়া পৰিয়াল চৰকাৰৰ সকলো আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷

Also Read: হায় অসম আৰক্ষী! পংখী হত্যাৰ ৰহস্য উদ্ঘাটনত ব্যৰ্থ প্ৰশাসন...

Residence collapse Sootea