/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d0a23bff-4a36-4f33-8b0c-61e40903fc56/3.jpg)
ডিজিটেল সংবাদ,দিশপুৰঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে জনতা ভৱনত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুতৰ অন্তিমখন বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত ৰাজ্যিক ড্ৰাগবিৰোধী আৰু নিষেধাজ্ঞা পৰিষদৰ অধ্যক্ষাৰ নেতৃত্বত বিষয়াসকল, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব তথা আন বিষয়াসকল উপস্থিত থাকে।
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৯২ টা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা প্ৰতিনিধি উপস্থিত থকা আজিৰ বৈঠকত ইতিমধ্যে প্ৰস্তুত কৰা নীতি-নিৰ্দেশনাৰ খচৰাৰ চূড়ান্ত ৰূপ দিয়া হয়।নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ অনুৰোধ মৰ্মে নীতি-নিৰ্দেশনাৰ কিছু দফাত শিথিলতা অনা হৈছে যদিও নিচামুক্তি কেন্দ্ৰৰ আৱাসীসকলৰ স্বাস্থ্যকেন্দ্ৰৰ চাফ-চিকুণতা, আন্তঃগাঁথনি আদিৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা কঠোৰ ভাৱে মানি চলিব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4067e8fd-44de-47c5-9f63-d73c3aba3edd/5c063271-9816-4fc9-9844-b51f2b14fa81.jpg)
সকলোকে উদ্দেশ্যি প্ৰদান কৰা বক্তব্যত মন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে আজিৰ পৰা দুটা বছৰৰ আগতে তেওঁ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ কেতবোৰ নিৰ্দিষ্ট নীতি-নিৰ্দেশনাৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰিছিল।
বিশেষকৈ বহুকেইটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰকীৰ কঠোৰ স্থিতিত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহৰ সামগ্ৰিক পৰিৱেশ উন্নত হৈছিল।পৰৱৰ্তী সময়ত নিচামুক্তি কেন্দ্ৰৰ পৰিচালনাৰ ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা প্ৰস্তুতৰ বাবে বিভাগীয় বিষয়া আৰু কেন্দ্ৰৰ স্বত্বাধীকাৰীসকলৰ প্ৰতিনিধিক দায়িত্ব প্ৰদান কৰা হৈছিল।বহুখিনি অধ্যয়ন আৰু কেইবাটাও বিভাগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নীতি-নিৰ্দেশনাৰ খচৰা প্ৰস্তুত কৰা হৈছিল আৰু এই খচৰাৰ সংশোধিত ৰূপ আজি বৈঠকত গ্ৰহণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6c0e7948-1a1c-4cd7-8106-e72bc5ad3ec5/bbbc5c08-a7e6-4560-8698-4cdde297527c.jpg)
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ড্ৰাগচৰ কবলত পৰা ব্যক্তিসকলো সমাজৰে অভিন্ন অংশ আৰু এওঁলোকৰ প্ৰতি আমি সকলোৱে দায়বদ্ধ হৈ তেওঁলোকক পুনৰ মূল সুঁতিলৈ উভতাই অনাত সহায় কৰিব লাগিব।নিচামুক্তি কেন্দ্ৰ এটা কাৰাগাৰ নহয় বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে আৱাসীসকলক সুস্থ কৰি তুলিবলৈ স্বাস্থ্যসন্মত পৰিৱেশ, চিকিৎসাৰ ব্যৱস্থা আৰু ন্যুনতম প্ৰয়োজনখিনি কেন্দ্ৰ এটাই দিবই লাগিব।আজি গ্ৰহণ কৰা নীতি-নিৰ্দেশনাসমূহ ১ আগষ্টৰ পৰা কাৰ্যকৰী কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সকলো নিচামুক্তি কেন্দ্ৰই এই নীতি-নিৰ্দেশনাসমূহ সম্পূৰ্ণ মানি চলিব লাগিব।
কেন্দ্ৰসমূহত স্বাস্থ্য,পৰিৱেশ,খাদ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত কোনোমতে আপোচ কৰা নহ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।আনহাতে এটা কেন্দ্ৰত এগৰাকী ড্ৰাগচ আসক্ত ব্যক্তিক ভৰ্ত্তি কৰোৱা হ’ব নে নহয় আৰু সুস্থ হোৱাৰ পাছত কেতিয়া ব্যক্তিগৰাকীক যাবলৈ দিয়া হ’ব সেয়া সম্পূৰ্ণৰূপে চিকিৎসকৰ প্ৰতিবেদন অনুসৰি কৰিব লাগিব বুলি আজি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/670125bb-750e-4327-91b7-0aa3e1b34b36/dfed3815-f9ea-495f-a32d-b59a4b728d4d.jpg)
এতিয়াৰ পৰা নিচামুক্তি কেন্দ্ৰসমূহৰ সবিশেষ সংশ্লিষ্ট আৰক্ষী থানাত জনাই থোৱা হ’ব বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে সকলো কেন্দ্ৰ পঞ্জীয়ন হোৱাৰ লগে লগে চৰকাৰৰ ওচৰত কেন্দ্ৰসমূহৰ বিষয়ে সবিশেষ তথ্য মজুত থাকিব।প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু চিকিৎসকৰ ব্যৱস্থা নথকা কেন্দ্ৰসমূহে একমাত্ৰ ব্যৱসায়ৰ স্বাৰ্থত নিচামুক্তি কেন্দ্ৰ খোলাৰ পৰা দূৰৈত থকাই উচিত বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই আৰু কয় যে নিচামুক্তি কেন্দ্ৰৰ পৰা ড্ৰাগচ আসক্ত ব্যক্তি এজনক সম্পূৰ্ণ সুস্থ হৈ উলাই যোৱাত আমি সকলোৱে সহায় কৰিব লাগে।
Also Read: "সংস্কৃতি সংগ্ৰাম"ত স্থান লাভ চিচিবৰগাঁৱৰ ধৃষ্টিপ্ৰীয়া চুতীয়াৰ