/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/70729df0-9482-44e2-8b0e-42ca85a08217/2.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ 'সংস্কৃতি সংগ্ৰাম'ত জিলিকিল চিচিবৰগাঁৱৰ চন্দ্ৰ চুতীয়া আৰু মৌচুমী ঠাকুৰীয়া চুতীয়াৰ সুযোগ্য কন্যা ধৃষ্টিপ্ৰীয়া চুতীয়া। NEV Events & Entertainment PVT LTD ৰ দ্বাৰা আয়োজিত "সংস্কৃতি সংগ্ৰাম"ত স্থান লাভ কৰি সমষ্টিলৈ গৌৰৱ কঢ়িয়ালে চিচিবৰগাঁৱৰ কন্যা ধৃষ্টিপ্ৰীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0db3effc-4888-48f4-8f3d-fc4e50aaa7a2/73fb99b6-29dc-4e5f-b289-2b77dc7d5a49.jpg)
গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত আয়োজিত আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভাগ লোৱা বহু আগশাৰীৰ প্ৰতিযোগীক চেৰাই নিজা চমকপ্ৰদ আৰু উন্নতমানৰ প্ৰদৰ্শনেৰে চাব জুনিয়ৰ শাখাত (নৃত্য) পুৰষ্কৃত হ'বলৈ সক্ষম হয় ধৃষ্টিপ্ৰীয়া। লগতে প্ৰখ্যাত বিচাৰক-সমালোচকৰো আশীষ লাভ কৰে।
সমাগত সময়ত মুম্বাইত অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় ভিত্তিক প্রতিগযোগীতাকলৈ বাচনি লাভ কৰিছে কণমানি ধৃষ্টিপ্ৰীয়াই।অঞ্চলটোৰ গৌৰৱ উদীয়মান শিল্পী গৰাকীৰ কৃতিত্বত আনন্দিত অঞ্চলটোৰ ৰাইজে তেওঁলৈ অভিনন্দন জনোৱাৰ লগতে ৰাইজৰ হৈ 'নন্দীগিৰি চুতীয়া সমাজ কল্যাণ গোটে' উজ্বল ভৱিষ্যত কামনা কৰে।