উপ-নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপি দলে ভাল ফলাফল লাভ কৰিব: পীযুষ হাজৰীকা

"বিজেপি দলত কাৰোৰে মাজত বিভেদ নাই"

author-image
Asomiya Pratidin
New Update
উপ-নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপি দলে ভাল ফলাফল লাভ কৰিব: পীযুষ হাজৰীকা

ডিজিটেল সংবাদ,বিহালীঃ দেওবাৰে মন্ত্ৰী পীযুষ হাজৰীকাই বিহালী সমষ্টিত উপস্থিত হৈ দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত অংশ লয়। আগন্তুক উপনিৰ্বাচনত বিহালী সমষ্টিত বিজেপি দলৰ জয় নিশ্চিত বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই চামগুৰি সমষ্টিটো দলটোৰ ভাল ফলাফল হ'ব বুলি মন্তব্য কৰে।

Advertisment

ইফালে বিজেপি দলত প্ৰাৰ্থিত্বক লৈ অন্তঃকন্দল সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে,আমাৰ দলত কাৰোৰে মাজত বিভেদ নাই। যদিও মই মন্ত্ৰী তথাপি মইয়ো এজন সাধাৰণ কাৰ্যকৰ্তা। দলৰ সিদ্ধান্ত শীৰ্ষ নেতৃবৃন্দই লয়। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, দলৰ সভাপতি ডাঙৰীয়া আৰু সাংসদসকলে লয়।

লগতে কয় যে,দলে যাক প্ৰাৰ্থিত্ব দিব আমি তাৰ কাৰণে কষ্ট কৰিম। যিদিনাই প্ৰাৰ্থিত্ব তালিকা প্ৰকাশ পায় সেইদিনাই সকলো একলগ হৈ যায়। দলে যি সিদ্ধান্ত লয় আমাৰ সকলো কাৰ্যকৰ্তাই সেয়া মানি লৈ আগবাঢ়ি যায়। আমাৰ কাৰ্যকৰ্তাসকলোৱে নিজেই একোজন প্ৰাৰ্থী বুলি নিৰ্বাচনত অংশ লব, ইয়াতে কোনো বাদ-বিবাদ, মতবিভেদ নাই।

ইয়াৰোপৰি বৰপেটাৰ দঙৰকুচিত খিলঞ্জীয়া লোকৰ ওপৰত সন্দেহযুক্ত নাগৰিকে দলবদ্ধ আক্ৰমণ চলোৱা ঘটনা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই দুখ প্ৰকাশ কৰি কয় যে এনে ঘটনা অতি দুৰ্ভাগ্যজনক। অসমীয়া মানুহ অসমতে মুছলমানৰ আক্ৰমণৰ বলি হ'ব লগাটো অত্যন্ত বেয়া খবৰ। অসমৰ এই পৰিৱেশটো দিনে দিনে বেয়া হৈ গৈ আছে। এই পৰিৱেশৰ লগত যুঁজিবলৈ আমি সাহসী পদক্ষেপ ল'ব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী পীযূষ হাজৰিকাক সংগ দিয়ে তেজপুৰ সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ তথা বিহালী সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত দত্তই।

Also Read: বিলাসীপাৰা মহকুমা ন্যায়িক দণ্ডাধীশ শান্তনু কুমাৰ শৰ্মাক নিলম্বন

pijush hazarika