/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-18/cltasmra/8.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা ন্যায়িক দণ্ডাধীশ শান্তনু কুমাৰ শৰ্মাক নিলম্বন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ শান্তনু কুমাৰ শৰ্মাক এই নিলম্বন কৰা বুলি জানিব পৰা গৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৬ আগষ্টত নিলম্বন কৰিছে যদিও বৰ্তমানলৈ নিলম্বনৰ কাৰণ জানিব পৰা হোৱা নাই।
নিলম্বনৰ পিছত বিলাসীপাৰা মহকুমা ন্যায়িক দণ্ডাধীশ শান্তনু কুমাৰ শৰ্মা বিলাসীপাৰাৰ বাসগৃহত থাকিব লাগিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা এক নিৰ্দেশনাত উল্লেখ আছে। মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি অবিহনে তেওঁ বিলাসীপাৰা এৰিব নোৱাৰিব বুলিও নিৰ্দেশনা টোত উল্লেখ আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us