পুৱতি নিশাৰ পৰা ঢেঁকীৰ ৰজনজনাই থকা মাত, ভোগালীৰ বৰ্ণাঢ্য আয়োজন

কাইলৈ উৰুকা। চৌদিশে ভোগালীৰ খদমদম লগা আয়োজন। বিধে বিধে পিঠা-পনা, বিধে বিধে জা- জলপান

author-image
Asomiya Pratidin
New Update
পুৱতি নিশাৰ পৰা ঢেঁকীৰ ৰজনজনাই থকা মাত, ভোগালীৰ বৰ্ণাঢ্য আয়োজন

ভোগালীৰ বৰ্ণাঢ্য আয়োজন

ডিজিটেল সংবাদ,বান্দৰদেৱাঃ কাইলৈ উৰুকা। চৌদিশে ভোগালীৰ খদমদম লগা আয়োজন। বিধে বিধে পিঠা-পনা, বিধে বিধে জা- জলপান গোটাবলৈ ঘৰৰ গিৰিহঁতনীৰ এইকেইদিন ওপৰলৈ মূৰ তুলি চাবলৈ আহৰি নাই।

খৰি খেৰ যোগাৰত ব্যস্ত গিৰিহঁত। চুবুৰীৰ চুকে কোণে পুৱতি নিশাৰ পৰা ঢেঁকীৰ ৰজনজনাই থকা মাত। ক'ৰবাত হেৰাই গ'লেও ক'ৰবাত আজিও ঢেঁকী নহ'লে নচলে চহা জীৱন। বহু ঠাইত ঢেঁকীৰ ঠাই ল'লে মিল বোৰে।

চিৰা, মুড়ি ,আখৈ আদি বিভিন্ন জা জলপান আজি কালি প্ৰস্তুত হয় এই মিলবোৰত।ৰাইজেও চকোৱা নানিয়া ধান আনি জিভাত জুতি লগা জলপানবোৰ তৈয়াৰ কৰি লয়হি এই মিলবোৰতেই। যদিও এই দৃশ্য বান্দৰদেৱাৰ সমীপৰ দেঁওতোলা গাঁৱৰ এতিয়া এই দৃশ্য সকলোতেই যেন সুলভ। মিলৰ শব্দত চুবুৰী নকপিলেও ঠায়ে ঠায়ে এতিয়াও বৰ্তি থকা ঢেঁকী বোৰেই যেন চহা ঠাইবোৰত বিহু ৰখীয়া হৈ আজিও বৰ্তি আছে।

আৰু পঢ়কঃ কাজলগাঁৱত শিপিনীসকলৰ পৰম্পৰাগত বস্ত্ৰ ক্রয় কেন্দ্র মুকলি

assam bhogali bihu