/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/3eaef7a8-65a4-4e1d-8aad-54ca2b8d6290/bhupal.jpg)
ভূপালত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৰাজ্যৰ বান, খহনীয়াৰ সমাধান কৰাৰ আশা পীযুষ হাজৰিকাৰ...
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ভূপালত অনুষ্ঠিত হৈ থকা '1st All India Annual State Ministers' Conference on Water' ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰে ।
আজিৰ কনফাৰেন্সৰ প্ৰথমাৰ্ধত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিশ উপস্থিত থকাৰ বিপৰীতে দ্বিতীয়াৰ্ধত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যৰ জলজীৱন মিছনৰ কাম-কাজৰ খতিয়ান সন্দৰ্ভত বিস্তৃত্ব ব্যাখ্যা আগবঢ়াই। ইয়াৰোপৰি তেওঁ অসমৰ বান আৰু গড়াখহনীয়া ব্যৱস্থাপনা সম্পৰ্কত এটি বিস্তৃত বক্তব্য উপস্থাপন কৰে।
I delivered a comprehensive talk on the flood & erosion management at the ‘Water Vision@2047’ conference held as a part of the ‘1st All India Annual Ministers Conference on Water’, organised by @MoJSDoWRRDGR. (1/3) pic.twitter.com/wsj6wByJZI
— Pijush Hazarika (@Pijush_hazarika) January 5, 2023
এই উপস্থাপনৰ দ্বাৰা ৰাজ্য চৰকাৰৰ উদ্যােগত অসমত অবিৰত ভাৱে বান আৰু গড়াখহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰি থকা কাৰ্যব্যৱস্থা-পৰিকল্পনাসমূহ উল্লেখ কৰাৰ লগতে তেওঁ "অষ্টলক্ষ্মী" ৰ সামগ্ৰীক উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত প্ৰগতিৰ যি অনিৰুদ্ধ যাত্ৰা অব্যাহত আছে, এই যাত্ৰাত অনাগত সময়ত কেন্দ্ৰীয় চৰকাৰৰ আৰু অধিক সহযোগ-মাৰ্গদৰ্শনেৰে আমি ৰাজ্যখনৰ বান-গড়াখহনীয়া সমস্যাক সম্পূৰ্ণৰূপে সমাধান কৰিব পাৰিম বুলি আশাবাদী বুলি উল্লেখ কৰিছে।'
আজিৰ কাৰ্যসূচীত জল শক্তি বিভাগৰ কেন্দ্রীয় মন্ত্রী গজেন্দ্র সিং শেখাৱট, জল শক্তি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলৰ লগতে অন্যান্য ৰাজ্যিক মন্ত্রীসকল আৰু চৰকাৰী বিষয়াবর্গ উপস্থিত থাকে।
I took part in the sapling plantation programme today at Shyamala Hills,MP along Hon’ble Union Jal Shakti Min. Shri @gssjodhpur ji & other fellow state ministers in the gracious presence of Hon’ble CM of Madhya Pradesh Shri @ChouhanShivraj ji. pic.twitter.com/nIjxLEBvPv
— Pijush Hazarika (@Pijush_hazarika) January 6, 2023
ইফালে আজিৰ কাৰ্যসূচীৰ আগত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আহ্বান মৰ্মে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত আৰু আন ৰাজ্যৰ মন্ত্ৰীসকলৰ সৈতে মন্ত্ৰী পীযুষ হাজৰীকাই শ্যামলা হিলচত এক বৃক্ষৰোপণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে ।
ইয়াৰোপৰি মধ্যপ্ৰদেশ চৰকাৰে ভূপালত নিৰ্মাণ কৰা বিশেষ জনজাতীয় সংগ্ৰহালয়ৰ সন্মুখতো উপস্থিত হয় গৈ। উল্লেখ্য যে ইয়াৰ মুখ্য প্ৰৱেশদ্বাৰখনি মাজুলীৰ কমলাবাৰী সত্ৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।
Feeling immensely proud to stand near the main entrance gate of the Tribal Heritage Museum in Bhopal, being developed by the Madhya Pradesh Govt. The gate has been constructed in line with the theme of Majuli’s Kamlabari Satra. pic.twitter.com/gnjt3CiPLW
— Pijush Hazarika (@Pijush_hazarika) January 6, 2023
ক্লিক কৰি পঢ়কঃ মায়ঙৰ বুৰাবুৰী মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি...