/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/031a13cc-ed2c-4b0a-8a11-cae126b40742/pp.jpg)
ডিজিটেল সংবাদঃ "অসমত কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিছে। মাত্ৰ এখন আসনৰ কাৰণেও মহা সংকটত পৰিছে কংগ্ৰেছ" আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, ১৪ ৰ ভিতৰত ১৩ খন আসনেই আমি জিকিম, এয়া আমাৰ গেৰাণ্টি। মোৰ বোধেৰে অসমত কংগ্ৰেছৰ অস্তিত্ব একেবাৰে নাইকিয়া হৈ পৰিছে, যাৰ বাবে তেওঁলোকে এখনো আসন লাভ কৰিব নোৱাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/d3b7d75c-747e-4e17-8d84-48b94b6b0ef2/138.jpg)
সাংবাদিকে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব নেকি বুলি প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, এই বিষয়ে কোনো প্ৰশ্নই উঠিব নালাগে। সমগ্ৰ দেশৰ ভিতৰত কংগ্ৰেছে খুব বেছি ৪৫ খন আসন পাব। ৪৫ খন আসনেৰে কোনোবা প্ৰধানমন্ত্ৰী হ'ব পাৰে নেকি, সেয়া চিন্তা কৰিবলগীয়া বিষয় বুলি কয় মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/08c6f399-b58b-4123-9ebd-374615e4413c/137.jpg)
তেওঁ কয় যে, নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কোৱাৰ নিচিনা 'অব কি ৱাৰ ৪০০ পাৰ'। ৪০০ খন আসনত বিজয়ী হৈ লোকসভালৈ আহিব নৰেন্দ্ৰ মোডী। উজনি অসমৰ গোটেই ৫ খন আসনেই আমাৰ হ'ব।১৪ ৰ ১৩ খন আসনতেই আমি জয়ী হম বুলি কয় মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/171c9d7e-3e08-499f-970f-205c28c0d391/136.jpg)
কংগ্ৰেছ শাসনলৈ আহিলে ৰাজহুৱা সম্পত্তি ৰাইজক বিতৰণ কৰা হ'ব বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁলোকে ৰাজহুৱা সম্পত্তি মানুহক বিতৰণ কৰি দিয়াৰ কথা কৈছে, বিশেষকৈ কংগ্ৰেছীসকলক, যি সংবিধান বিৰোধী, মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/d93db9d3-c5a3-41c4-bf69-e5ce3b58a788/139.jpg)
Also Read: মহিলাৰ ভোট পাবলৈ বিজেপিয়ে মিছা প্ৰতিশ্ৰুতি দিয়েঃ প্রদ্যুৎ বৰদলৈ