মহিলাৰ ভোট পাবলৈ বিজেপিয়ে মিছা প্ৰতিশ্ৰুতি দিয়েঃ প্রদ্যুৎ বৰদলৈ

বটদ্ৰৱাত কংগ্ৰেছৰ ৰণডংকা..

author-image
Asomiya Pratidin
New Update
মহিলাৰ ভোট পাবলৈ বিজেপিয়ে মিছা প্ৰতিশ্ৰুতি দিয়েঃ প্রদ্যুৎ বৰদলৈ

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ সোমবাৰে বটদ্ৰৱা তথা বৰ্তমান ধিং সমষ্টিৰ ধূপগুৰি ফকৰুদ্দিন আলী আহমেদ উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত বিশাল জন সভা অনুষ্ঠিত হয়। হেলিকপ্টাৰ যোগে সভাত উপস্থিত হয় কংগ্ৰেছৰ ৰাজ্য সভাৰ সাংসদ নাচিৰ উদ্দীন,প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক পৃথিৰাজ শ্বাথেৰ লগতে বিধায়ক জাকিৰ হুছেইন শিকদাৰ। উক্ত সভাত প্রদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেতৃত্বই। উল্লেখ্য যে,ৰাইজৰ দলৰ সভাপতি অখিল গগৈ উপস্থিত থকা সভাখনত হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে উৎসাহ যোগোৱা পৰিলক্ষিত হয়।

Advertisment

আজি ধিঙৰ ধুপগুৰিত এখন নিৰ্বাচনী সভাত ৰণডংকা বজাই অখিলে সভা কপাই তোলে। সভাত অখিল গগৈয়ে কয় যে,২০২৬ ত তিনি গগৈ লগ হৈ হিমন্ত বিশ্ব শৰ্মাক ব্রহ্মপুত্রত দলিয়াম আৰু আজমল চাচাক তালা মাৰি লগতে পঠিয়াই দিম। হিমন্ত বিশ্ব শৰ্মা আৰু চাচা একেলগ হৈ ব্রহ্মপুত্রত সাঁতুৰি থাকিব। হিমন্ত বিশ্ব শৰ্মাক বিধান সভাত মই কন্দুৱাই থাকো সেয়ে মোকলৈ হিমন্ত বিশ্ব শৰ্মাই ভয় কৰি কপি থাকে।

উক্ত সভাত সুৰেশ বৰা সন্দৰ্ভতো মন্তব্য কৰি তেওঁ কয় যে-সুৰেশ বৰা হত্যাকাৰী,থানাত তেওঁৰ নামত কেচ আছে। লগতে বিজেপিয়ে ভুৱা অৰুণোদয় ফ্ৰম বিলাই মানুহক প্ৰলোভন দিছে বুলিও ক্ষোভ উজাৰে অখিল গগৈয়ে।

Also Read: মঙলদৈত বিজয় সংকল্প সমাবেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

congress campaign akhil gogoi batadrawa news pradyut bordoloi