/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d9596bc7-9f45-45b6-9fb7-3078cf189629/4.jpg)
ডিজিটেল সংবাদ, টুম্প্ৰেং: অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে পশ্চিম কাৰ্বি আংলং জিলা ভ্ৰমণ কৰি টুম্প্ৰেঙত জিলাখনৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে এই পৰ্যালোচনাত উল্লেখ কৰে যে এইবাৰ জিলাখনত বান-খহনীয়া প্ৰতিৰোধৰ বাবে বৈঠালাংছ' সমষ্টিত বাৰিষাকাল শেষ হোৱাৰ লগে লগে ১৫ কিল'মিটাৰ নতুন মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/bf097805-8bae-4e5c-aa3a-a4c0511a2a45/d870260b-258f-492b-8994-60fe1c002ad9.jpg)
ইয়াৰে কপিলী নৈৰ পাৰত ১১ কিল'মিটাৰ আৰু বৰপানীৰ পাৰত ৪ কিল'মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণ ক'ৰা হ'ব। এই মথাউৰি যাতে উন্নত আৰু শক্তিশালীভাৱে নিৰ্মাণ কৰি নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে। আজিৰ পৰ্যালোচনা কালতে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বান-খহনীয়াৰ অন্যান্য দিশসমূহৰ বিষয়েও বুজ লয় ।
Also Read: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ