/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/72db1ccb-6a22-4240-883b-bc9c7908e164/7.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী: শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ সভাত আম আদমী পাৰ্টীৰ (আপ) কেইবাজনো নেতা কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।
আপৰ ডিব্ৰুগড় জিলা কমিটীৰ সাংগঠনিক সম্পাদক অমৃত কুমাৰ বৰুৱাৰ নেতৃত্বত কংগ্ৰেছ দলত যোগদান কৰা ব্যক্তি সকলৰ ভিতৰত পঞ্চায়তৰ সভাপতি তথা আপৰ উপদেষ্টা তথা কাৰ্যকৰী সদস্য অন্তৰ্ভুক্ত হৈ আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ff747f80-f276-4290-aefa-8af9b1e6a36b/ac3d6af1-9254-478d-951b-7bdc950981e5.jpg)
তেওঁলোক ক্ৰমে বিমল হাজৰিকা, নীলকান্ত মিছিং, কাৰ্তিক শইকীয়া, অজিৎ মূড়া,সুখৰাম ভক্ত,বিজয় মূড়া,মাইনা সিং চুবেদাৰ,উমেশ চন্দ্ৰ চুবেদাৰ,জীত তেৰণ,মানৱ ইংতি, জনছন কোঁৱৰ,মোজাম্মিল আলি, আৰু ছোহেবুল হুছেইন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9cb6fc7d-8ce6-4165-a214-62a2befd1fb3/edd1283b-883d-41b9-8143-05c9d34eeb33.jpg)
তদুপৰি অসম অনুসূচিত জাতি উন্নয়ন নিগমৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া ৰাজেন্দ্ৰ নাথ দাসেও কংগ্ৰেছ দলত যোগদান কৰে। উক্ত যোগদান অনুষ্ঠানত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই আপৰ সদস্য সকলক কংগ্ৰেছলৈ আদৰণী জনাই কয় যে "দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াবলৈ ইচ্ছুক প্ৰতিজন সক্ৰিয় ৰাজনৈতিক ব্যক্তিক কংগ্ৰেছ দলত যোগদান কৰিবলৈ আমি আহ্বান জনাও আৰু দেশপ্ৰেমীক সকলৰ বাবে আমাৰ দোৱাৰ সদায় খোলা আছে।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/8df0a84b-a9f3-4da9-9bee-b8dd695d60e9/0888b7f4-2250-4d88-b244-b81bb123f9ed.jpg)
ভাষণ প্ৰসংগত সভাপতি গৰাকীয়ে কয় যে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ (পি-আৰ-চি) নোহোৱাকৈ ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ লোকে অসমৰ শিক্ষা বিভাগৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব বুলি জাননী জাৰী কৰিছে। উক্ত জাননী শেহতীয়া ভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈধ নহয় বুলি কৈছে। যদি মুখ্যমন্ত্ৰীৰ ভাষ্য সত্য হয় তেন্তে উচ্চ শিক্ষাৰ সঞ্চালক গৰাকীক তৎকালেই চাকৰিৰ পৰা নিলম্বন কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই প্ৰত্যাহ্বান জনায়।
Also Read: শিলচৰত মিনি সচিবালয় পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ