ৰঙিয়া আৰু কমলপুৰৰ আশ্ৰয় শিবিৰত বানপীড়িতৰ খবৰ ল’লে মন্ত্ৰী হাজৰীকাই

ৰঙিয়া আৰু কমলপুৰৰ আশ্ৰয় শিবিৰত বানপীড়িতৰ খবৰ ল’লে মন্ত্ৰী হাজৰীকাই

author-image
asomiyapratidin
New Update
ৰঙিয়া আৰু কমলপুৰৰ আশ্ৰয় শিবিৰত বানপীড়িতৰ খবৰ ল’লে মন্ত্ৰী হাজৰীকাই

ডিজিটেল ডেস্ক: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ কেইবাটাও স্থান ভ্ৰমণ কৰি বানত ক্ষতিগ্ৰস্ত হোৱা মথাউৰি পৰিদৰ্শন কৰাৰ লগতে সমষ্টি দুটাৰ বিভিন্ন স্থানত বানপীড়িত ৰাইজৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ তেওঁলোকৰ সুবিধা অসুবিধাৰ বিষয়ে বুজ লয় |

Advertisment

মন্ত্ৰীগৰাকীয়ে প্ৰথমতে ৰঙিয়াৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভবেশ কলিতাৰ সৈতে সমষ্টিটোৰ বগৰীবাৰী অঞ্চলত উপস্থিত হৈ পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে খহাই নিয়া মথাউৰিৰ অংশসমূহ পৰিদৰ্শন কৰে | উল্লেখযোগ্য যে পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে মথাউৰিৰ দুটা স্থানত ছিঙি বৃহত্তৰ বগৰীবাৰী অঞ্চল জলমগ্ন কৰি পেলাইছিল | মন্ত্ৰী পীযুষ হাজৰীকাই আজি ভগ্ন মথাউৰি পৰিদৰ্শন কৰি বিভাগীয় অভিযন্তাক সোনকালে এই ভগ্ন মথাউৰিৰ অংশ দুটা অস্থায়ীৰূপে মেৰামতি কৰি বান প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে |

আনহাতে বাৰিষাৰ পাছত ডিচেম্বৰ মাহত এই মথাউৰিৰ পুনৰ নিৰ্মাণৰ বাবে স্থায়ী কাম কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক আশ্বাস প্ৰদান কৰে | লগতে পুঠিমাৰী নৈৰ পাৰৰ বগৰীবাৰীৰ মথাউৰিটো ইতিমধ্যেই পকীকৰণ কৰাৰ বাবে বিভাগীয় অনুমতি আৰু আন প্ৰশাসনীয় কাম আৰম্ভ হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে ৰাইজক অৱগত কৰে | মথাউৰি পৰিদৰ্শনৰ লগতে মন্ত্ৰীগৰাকীয়ে মথাউৰিটোৰ ওপৰতে অস্থায়ী আশ্ৰয় শিবিৰত থকা বানপীড়িত ৰাইজৰ লগতো মত বিনিময় কৰি তেঁওলোকৰ সুবিধা অসুবিধাসমূহৰ বুজ লয় |

পাছত মন্ত্ৰী পীযুষ হাজৰীকাই ভবেশ কলিতা আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ সৈতে কমলপুৰ সমষ্টিৰ বানপীড়িতসকলৰ অস্থায়ী আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্তসকলৰ খবৰ লয় | শিবিৰত থকা বানপীড়িতসকলৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে শিবিৰটোত থকা ৰাইজে সকলো ধৰণৰ সুবিধা লাভ কৰি আছে | শিবিৰৰ কোনো ব্যক্তিয়ে একো কথাতে অভিযোগ কৰা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয় কয় যে মানুহখিনিয়ে বানৰ বাবে নিজৰ ঘৰ দুৱাৰ এৰি থৈ আহি কষ্টত হ'লেও শিবিৰত মন বেয়া কৰি থকা নাই | মানুহখিনিয়ে শিবিৰত খোৱা বোৱা আৰু থকা মেলাত কোনো ধৰণৰ সমস্যা নোপোৱা বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে |

পৰিদৰ্শন কালত সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে ভগ্ন মথাউৰিসমূহ সোনকালেই অস্থায়ীৰূপে মেৰামতি কৰাৰ ব্যৱস্থা কৰা হ'ব | বিশেষকৈ ডাঙৰ ডাঙৰ জিঅ' জাম্বো বেগ ব্যৱহাৰ কৰি মথাউৰিৰ ছিগা অংশ সোনকালে পুতি পেলোৱা হ'ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বানপানী-খহনীয়াৰ অস্থায়ী প্ৰতিৰোধ তথা ৰাইজৰ যাতায়তৰ সুবিধাৰ বাবে ভগ্ন মথাউৰিসমূহ বিভাগে শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিব আৰু খৰালি দিন অহাৰ লগে লগে মথাউৰিসমূহৰ স্থায়ী মেৰামতিৰ কাম কৰা হ'ব |

আনহাতে ৰাজ্যখনৰ কোনো কোনো অংশত বানপীড়িতসকলে সাহায্য সামগ্ৰী লাভ কৰাত দেৰি হোৱা অথবা খেলিমেলি হোৱা বুলি অভিযোগ উত্থাপিত হোৱা বিষয়টিত সাংবাদিকে মন্ত্ৰীগৰাকীৰ মন্তব্য বিচৰাত মন্ত্ৰী হাজৰীকাই কয় যে কিছু কিছু অঞ্চলত অভাৱনীয় ভাৱে বানে আগুৰি ধৰি যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি তোলাত সাহায্য সামগ্ৰী পঠিওৱাত কিছু সমস্যা হৈছে যদিও প্ৰশাসনৰ ফালৰ পৰা যিমান পাৰি সোনকালে বিভিন্ন উপায়েৰে যোগাযোগ কৰি সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে |

এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বহুত ছিৰিয়াছ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বানত আক্ৰান্তসকলে চৰকাৰী সাহায্য সময়ত লাভ নকৰা বুলি গম পালে মুখ্যমন্ত্ৰীগৰাকীয়ে কষ্ট পায় আৰু তাৰ বাবেই কেতিয়াবা তেঁও কঠোৰ হ'বলৈও বাধ্য হয় | মন্ত্ৰীগৰাকীক আজিৰ পৰিদৰ্শনৰ সময়ত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু আন বিভাগীয় বিষয়াসকলৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলেও সংগ দিয়ে |

আৰু পঢ়ক: বন্যাৰ্তৰ পৰা ধন সংগ্ৰহ, আটক গাঁও বুঢ়া…

assam flood pijus hazarika