/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/5voeuicz/AP FOR WEB 1 (1).png)
ডিজিটেল ডেস্ক : সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত বিশ্ব ফটোগ্ৰাফী দিৱস পালন কৰা হয়। অনুষ্ঠানত সমাজৰ বিভিন্ন প্ৰেক্ষাপটত তোলা ফটোসমূহৰ এখনি ডিজিটেল ফটো প্ৰদৰ্শনীও উপস্থাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/p27nva7a/071c46c0-f9bf-42b4-b0a6-db3c31f1a06c.jpg)
উক্ত অনুষ্ঠানতে ফটো সাংবাদিক সন্থাই আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ফটো সাংবাদিক সৌৰভ দুৱৰাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। ফটো সাংবাদিকগৰাকীক এখন শৰাই, মানপত্ৰ, চেলেং, গামোচাৰ লগতে ১৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে সদৌ অসম ফটো সাংবাদিক সন্থাৰ কাৰ্যকৰ্তাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/zemu1vyv/0383a869-5a4e-4279-8e70-a759c08ea9ed.jpg)
আনহাতে উক্ত অনুষ্ঠানটিত অসমৰ কেইবাগৰাকী বিশিষ্ট সাংবাদিকে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে। তেওঁলোক হৈছে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, অচ্যুত কুমাৰ পাটোৱাৰী, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন,জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/irhzn3jj/e8e92b27-8c46-431a-ad53-88df8145c4ae.jpg)
তাৰোপৰি আজিৰ এই গাম্ভীৰ্যপূৰ্ণ সভাখনত বিশিষ্ট অভিনেত্ৰী চেতনা দাস উপস্থিত থাকি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰাৰ লগতে স্বভাৱসুলভ হাঁহিৰে উপস্থিত সকলোকে আপ্লুত কৰে। অভিনেত্ৰী চেতনা দাসে আজিৰ সভাত বক্ৃতা প্ৰদান কৰি কয়- ফটোৰ আছে ভাষা। ফটোৱে কথা কয়।এখন নিৰ্জীৱ ফটোই কৈ যায় এখন সমাজক বহুতো নকোৱা কথা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/h1zzml2w/1238c94d-7839-4e8a-b4f9-5dec0f1c4df3.jpg)
তেওঁ চিনেমা কৰাৰ সময়ত তোলা ক’লা-বগা ফটোৰ সেই সোণালী সময়ৰ কথা কৈ স্মৃতি ৰোমন্ঠন কৰে।উক্ত অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই বিশ্ব ফটোগ্ৰাফী দিৱসৰ বাবে সকলো ফটো সাংবাদিকক শুভেচ্ছা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/i35czgyi/fcc04501-c1f9-43ea-9717-9a5456a30899.jpg)
আনহাতে সঞ্জীৱ ফুকনেও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অচ্যুত কুমাৰ পাটোৱাৰীয়ে ভাষণ দিয়াৰ উপৰি ভূপেন হাজৰিকাৰ এটি গীত গুণগুণাই উপস্থিত ৰাইজক আপ্লুত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/4thw6deu/5dd48da1-90f4-406e-9df5-344351ba5734.jpg)
Also Read: কাছাৰত এম এল এ কাপৰ উদ্বোধন মন্ত্ৰী ৰঞ্জিত দাসৰ...