কাছাৰত এম এল এ কাপৰ উদ্বোধন‌ মন্ত্ৰী ৰঞ্জিত দাসৰ...

কাছাৰত এম এল এ কাপৰ উদ্বোধন‌ মন্ত্ৰী ৰঞ্জিত দাসৰ...
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰ: বিগত দুবছৰৰ দৰে এইবাৰো কাছাৰৰ লক্ষীপুৰত আৰম্ভ হৈছে এম এল এ কাপ লক্ষীপুৰ ফুটবল চেম্পিয়ন শ্বিপ। লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়ৰ ব্যক্তিগত উদ্যোগত আয়োজিত এই এম এল এ কাপ লক্ষীপুৰ -২০২৪ ফুটবল চেম্পিয়ন শ্বিপৰ দেওবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ খাদ্য আৰু যোগান তথা গ্ৰামোন্নয়ণ বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

তৃতীয় বৰ্ষৰ বাবে আৰম্ভ হোৱা এই এম এল এ কাপ লক্ষীপুৰ -২০২৪ ফুটবল প্ৰতিযোগিতাত মুঠ ২৬৩ টা ফুটবল দলে অংশ গ্ৰহণ কৰিছে। ২৬৩টা দলৰ মুঠ ৪,২০৮গৰাকী খেলুৱৈয়ে এই ফুটবল খেলখনত অংশগ্ৰহণ কৰিব৷ লক্ষীপুৰ সমষ্টিৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ খেলুৱৈ সকলে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য হৈছে গ্ৰামাঞ্চলৰ খেলুৱৈসকলৰ প্ৰতিভা বিকাশ কৰিবলৈ এখন প্লেটফৰ্ম দিয়া।

প্ৰতিযোগিতাখনৰ নেতৃত্ব দিয়া স্থানীয় বিধায়ক কৌশিক ৰাইয়ে উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত কয় যে প্ৰথমে ২০২২ চনত এই এম এল এ কাপ লক্ষীপুৰৰ শুভাৰম্ভ কৰা হৈছিল। ইয়াৰ পিচত ২০২৩ আৰু এইবাৰ তৃতীয় বৰ্ষ ২০২৪ত ইয়াৰ ধাৰাবাহিকতা বজাই ৰখা হয়। প্ৰথম বৰ্ষত ২২৬ টা দলৰ মুঠ ২,৮৮৫গৰাকী, দ্বিতীয় বৰ্ষত ২৪৮টা দলৰ ৩, ৪২০গৰাকী আৰু এইবাৰ সৰ্বাধিক ২৬৩টা দলৰ ৪,২০৮গৰাকী খেলুৱৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে তেওলোকৰ নাম পঞ্জীয়নভুক্ত কৰিছে।

প্ৰথমে প্ৰতিটো গাঁও পঞ্চায়তত এই খেল অনুষ্ঠিত হোৱাৰ পিছত পৰৱৰ্তী সময়ত বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হ'ব। গাঁও পঞ্চায়ত পৰ্যায়ত বিজয়ী হোৱা প্ৰতিটো দলক ৫হাজাৰ আৰু ৰানাৰ্চ আপ দলক ২,৫০০টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হ'ব। সেইদৰে বিধান সভা সমষ্টি ভিত্তিত বিজয়ী প্ৰতিটো চেম্পিয়ণ দলক ১ লাখ ১ হাজাৰ আৰু ৰানাৰ্ছ আপ দলক ৫১ হাজাৰকৈ টকা পুৰস্কাৰ প্ৰদান কৰা হ'ব। আনহাতে, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ জনক ১১ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে ২০২২ চনৰ পৰা এই বৰ্ষলৈ অংশগ্ৰহণ কৰা প্ৰতিটো ফুটবল দলকে জাৰ্ছি আৰু দুটাকৈ ফুটবল প্ৰদান কৰা হ'ব। লক্ষীপুৰৰ খেলুৱৈসকলৰ বাবে লাবক খেল পথাৰত অসম চৰকাৰ প্ৰদত্ত ১ কোটি ৫০ লাখ টকাৰে এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হব বুলিও জানিবলৈ দিয়ে কৌশিক ৰায়ে।

ইফালে, প্ৰতিযোগিতাখনৰ উদ্বোধন কৰি দিয়া ভাষণৰ আৰম্ভনিতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ড° ভূপেন হাজৰিকা দেৱৰ 'এই পৃথিৱী এক ক্ৰীড়াংগণ, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ' শীৰ্ষক গীতটোৰ দুটামান কলি আওৰাই কয় যে যুৱ সমাজ এনেদৰেই ক্ৰীড়াৰ মাজেৰে শান্তিময় ইতিবাচক দিশে অগ্ৰসৰ হওক৷ বৰ্তমান ড্ৰাগছৰ দৰে মাৰাত্মক নিচাৰ কবলৰ পৰা দূৰত ৰাখিবলৈ যুৱ প্ৰজন্মক ফুটবল খেলৰ প্ৰতি আকৰ্ষিত কৰিব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে এই ফুটবল মহাৰণখনি আয়োজন কৰা বাবে তেওঁ বিধায়ক কৌশিক ৰাইক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানত স্থানীয় শিল্পীসকলে বিহু, ঝুমুৰ, ডিমাচা,মণিপুৰী আৰু নেপালী নৃত্য পৰিৱেশন কৰি প্ৰতিযোগিতাখন অধিক আকৰ্ষিত কৰি তোলে। খেল আৰম্ভ হোৱাৰ পূৰ্বে ৰঞ্জিত দাস, কৌশিক ৰায়, আৰক্ষী অধীক্ষক নোমাল মাহাতা সহ আমন্ত্ৰিত অতিথি সকলে খেলুৱৈসকলৰ সৈতে পৰিচয় হয়। ইয়াৰ পিচত মন্ত্ৰী ৰঞ্জিত দাসে ফুটবল খেলখনৰ শুভাৰম্ভ কৰে। উদ্বোধনী খেলখন চালামতপুৰ এফচি আৰু দেৱান ৰাজবংশী এফ চি ৰ মাজত অনুষ্ঠিত হয়। চালামতপুৰ এফচি দুই শূন্য গলৰ ব্যৱধানত জয়ী হয়।

কাছাৰত এম এল এ কাপৰ উদ্বোধন‌ মন্ত্ৰী ৰঞ্জিত দাসৰ...
আপৰ সংবাদমেল: APDCLৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ,স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in