সেমেকা শীতৰ মাজতে প্ৰচণ্ড বান আৰু ভূমিস্খলনঃ এই পৰ্যন্ত ২৬ জনৰ মৃত্যু...

সেমেকা শীতৰ মাজতে প্ৰচণ্ড বান আৰু ভূমিস্খলনঃ এই পৰ্যন্ত ২৬ জনৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
সেমেকা শীতৰ মাজতে প্ৰচণ্ড বান আৰু ভূমিস্খলনঃ এই পৰ্যন্ত ২৬ জনৰ মৃত্যু...

সেমেকা শীতৰ মাজতে প্ৰচণ্ড বান আৰু ভূমিস্খলনঃ এই পৰ্যন্ত ২৬ জনৰ মৃত্যু...

ডিজিটেল ডেস্কঃ বছৰৰ শেষত ফিলিফাইনছত প্ৰকৃতিৰ তাণ্ডৱ। শীতৰ সেমেকা বতৰৰ মাজতে বিদেশী ৰাষ্ট্ৰখনত সৃষ্টি হৈছে ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলন। ফলত ৰাষ্ট্ৰখনৰ বিভিন্ন অঞ্চলত বানৰ সৃষ্টি হৈছে।

এনে পৰিস্থিতিত বৰ্তমানলৈকে দেশখনত ২৫ জনকৈ লোকৰ মৃত্যু হৈছে। এতিয়াও সন্ধানহীন হৈ আছে বহুজন। ৰাষ্ট্ৰখনৰ উত্তৰ মিন্দানাও অঞ্চলত ১৬ জন, বিকলত ৫ জন, পূৱ ভিচিয়াত ২ জন, জাম্বোয়াংগাত ২ জন লোকৰ এই পৰ্যন্ত মৃত্যু হৈছে।

আনহাতে সন্ধানহীনসকলৰ মাজত অধিকাংশই মাছমৰীয়া বুলি জানিব পৰা গৈছে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা পৰিষদৰ মতে এই বান আৰু ভূমিস্খলনত এই পৰ্যন্ত ক্ষতিগ্ৰস্ত হোৱা লোকৰ সংখ্যা ৩ কোটি ৯৩ লাখ ০৬৯ লৈ বৃদ্ধি পাইছে।

ক্ষতিগ্ৰস্তসকলৰ বাবে ২৯২ টা বান শিবিৰ স্থাপন কৰা হৈছে আৰু এই শিবিৰত ২০ হাজাৰ ৭০০ ৰো অধিক পৰিয়ালে আশ্ৰয় লৈ আছে। এতিয়াও উদ্ধাৰকাৰীয়ে বিভিন্ন অঞ্চলত উদ্ধাৰ অভিযান চলাই আছে।

ক্লিক কৰি পঢ়কঃ আজি এখুদ ককাইদেউৰ জন্মদিন...

ভূমিস্খলন ফিলিপাইনছ বান