আজি এখুদ ককাইদেউৰ জন্মদিন...

আজি এখুদ ককাইদেউৰ জন্মদিন...

ডিজিটেল ডেস্ক : জোন ভাইটিয়ে জখল‍া বগাই তৰা কেইটাৰ সৈতে ওমলা বহু বছৰ হ'ল । এখুদ ককাইদেউৰ সৈতে ওমলা শিশু কেইজনে পৰৱৰ্তী সময়ত চিনাকী হ'ল সীমা দত্তৰ সৈতে । ৰতনপুৰৰ শিয়ালীৰ পৰা ককাদেউতাৰ হাঁড়লৈ কিন্তু এই যাত্ৰাত সংগী হৈ থাকিল এজন লোক । সেইজনেই হৈছে এখুদ ককাইদেউ, সীমা দত্ত অথবা নৱকান্ত বৰুৱা ।

সাহিত্যৰ আটাইতকৈ কঠিন শ্ৰেণীবোৰৰ অন্যতম হৈছে শিশু সাহিত্য । কিয়নো ইয়াৰ বাবে লিখক গৰাকীয়ে শিশুৰ সৈতেই বিচৰণ কৰিব লাগিব এখন অন্য জগতত । য'ত হিংসা, হত্যা এইবোৰৰ স্থান নাই । আছে কেৱল ৰঙীণ ফুল, পখিলা আদি । অসমীয়া সাহিত্যতো শিশু সকলৰ বাবে ৰচিত গ্ৰন্থৰ সংখ্যা এতিয়াও বহু কম । কিন্তু তাৰ মাজতেই শিশু এগৰাকীৰ মনত প্ৰভাৱ পেলাব পৰা লিখক সকলৰ অন্যতম আছিল নৱকান্ত বৰুৱা ।

একাধাৰে কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনৰ আজিৰ দিনটোতেই । ব্ৰিটিছৰ শাসনৰ পৰা আৰম্ভ কৰি স্বাধীন ভাৰতৰ প্ৰতিটো সমস্যা, উত্থান-পতন স্বচক্ষ্যে প্ৰত্যক্ষ কৰা এই গৰাকী সাহিত্যিকৰ সৃষ্টিৰাজিৰ বিষয়বস্তু আছিল বৰেণ্য । জীৱন, দৰ্শন, প্ৰেম, মৃত্যু সকলো বিষয়কেই আৱৰি জীৱনকালত ৰচনা কৰি গৈছিল ৮ খন উপন্যাস । ইয়াৰ ওপৰিও আছিল ১১ খন কাব্যগ্ৰন্থ ।

আনহাতে কেৱল অসমীয়া সাহিত্য, ভাষাতত্ত্বই নহয় বৰং ইংৰাজী ভাষাতো তেওঁ প্ৰকাশ কৰিছিল এক কাব্যগ্ৰন্থ । বিশিষ্ট সাহিত্যিক গৰাকীৰ এই অতুলনীয় অৱদানৰ বাবেই ১৯৭৬ চনত তেওঁলৈ পদ্মভূষণ সন্মান আগবঢ়োৱাৰ ওপৰিও ১৯৭৫ চনত আগবঢ়োৱা হৈছিল সাহিত্য অকাডেমি বঁটা । সমগ্ৰ জীৱন কালত আন বহু কেইটা বঁটা বাহনেৰে বিভূষিত কৰা হৈছিল এই গৰাকী সাহিত্যিকক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in