ডিজিটেল সংবাদ, হাটশিঙিমাৰী : অহা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মুঠ ১৭ খন স্বাস্থ্য কেন্দ্ৰকলৈ তৃতীয় বৰ্ষৰ স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰা হ’ব। উল্লেখ্য যে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে ২০২২ চনৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰি আহিছে।
তৃতীয় স্বাস্থ্য উৎসৱ সন্দৰ্ভত জিলা স্বাস্থ্য বিভাগে শনিবাৰে এক সংবাদমেল আয়োজন কৰি এই কথা জানিবলৈ দিয়ে। স্বাস্থ্য বিভাগৰ দায়িত্বত থকা জিলা আতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাস, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মিনহাজ চৌধুৰীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়-ববীয়াসকল এই সংবাদমেলত উপস্থিত থাকে।