/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/27ba7f3f-39a2-4458-ae28-fe243d8bc9ff/Phanindra.jpg)
ডিজিটেল ডেস্কঃ সময়ে কাক, কেতিয়া কলৈ লৈ যায় সেয়া কোনোও নাজানে। ২০০৩ চনৰ পৰা ২০২৩ চনৰ জুলাইলৈকে সুদীৰ্ঘ সময় ধৰি অসমত বিজেপিৰ অস্তিত্ব ৰক্ষা আৰু সাংগঠনিক কাম-কাজৰ গুৰিবঠা ধৰিছিল তেওঁ। সেই সময়ত অসমত বিজেপিৰ কোনো অস্তিত্ব নাছিল বুলি ক'লেও বঢ়াই কোৱা নহ'ব।
উক্ত সময়চোৱাতে তেওঁ দলৰ সাংগঠনিক দায়িত্ব লাভ কৰি সান্নিধ্য লাভ কৰিছিল প্ৰয়াত ইন্দ্ৰমণি বৰা, বৰ্তমানৰ নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকা, নৰায়ণ বৰকটকী, বিজয়া চক্ৰৱৰ্তী আদি বিভিন্ন নেতা তথা দলীয় কৰ্মীৰ। ইয়াৰোপৰি দলৰ ভেটি নিৰ্মাণ কৰি বিজেপি দলক অসমত দুবাৰ শাসন অধিষ্ঠিত কৰোৱাত অন্যতম ভূমিকা পালন কৰিছিল। তেওঁ হৈছে ফণীন্দ্ৰনাথ শৰ্মা। আজি তেওঁ হাৰিয়ানা বিজেপিৰ সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব পালনৰ বাবে যাবলৈ ওলাইছে।
বিজেপি শীৰ্ষ নেতৃত্বই তেওঁৰ কৰ্ম দক্ষতাত মুগ্ধ হৈ এই গুৰু দায়িত্ব অৰ্পন কৰিছে। অসম এৰি যোৱাৰ পৰত তেওঁ বিভিন্ন দল-সংগঠন, দলীয় নেতা-কৰ্মীৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদিক কৃতজ্ঞতা জনাই মঙলবাৰে অসমৰ পৰা হাৰিয়ানা অভিমুখে যাত্ৰা কৰে।
Also Read: পূৰ্বতে উদ্বোধন কৰা হোৱা নাছিল অসম বিধানসভাৰ ভৱন: মন্ত্ৰী পীযুষ হাজৰীকা