পূৰ্বতে উদ্বোধন কৰা হোৱা নাছিল অসম বিধানসভাৰ ভৱন: মন্ত্ৰী পীযুষ হাজৰীকা

পূৰ্বতে উদ্বোধন কৰা হোৱা নাছিল অসম বিধানসভাৰ ভৱন: মন্ত্ৰী পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
পূৰ্বতে উদ্বোধন কৰা হোৱা নাছিল অসম বিধানসভাৰ ভৱন: মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ আগতে উদ্বোধন কৰা হোৱা নাছিল অসম বিধানসভাৰ নৱ নিৰ্মিত ভৱন। বিগত ৩০ জুলাইত উদ্বোধন হোৱা অসম বিধান সভাৰ নৱ নিৰ্মিত ভৱনটোৰ এয়া দ্বিতীয়বাৰৰ বাবে উদ্বোধন হোৱা বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পোৱাৰ পাছতেই মত প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই।

Advertisment

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত মত ব্যক্ত কৰি কয় যে, 'একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যে- বিধানসভাৰ নৱ নিৰ্মিত ভৱনটো বিগত বিধানসভাৰ সময়তো উদ্বোধন কৰা হৈছিল আৰু যোৱা ৩০ জুলাইত এই ভৱনটো দ্বিতীয়বাৰৰ বাবে উদ্বোধন কৰা হৈছে । এয়া সম্পূৰ্ণ অসত্যৰ ওপৰত আধাৰিত বাতৰি।'

তেওঁ লগতে কয় যে- 'প্ৰকৃততে আগৰ বিধানসভাৰ শেষৰফালে ভৱনটোৰ নিৰ্মাণ চলি থকা অৱস্থাত তেতিয়াৰ অধ্যক্ষৰ নেতৃত্বত বিধানসভাৰ এচেম্বলি হল (Assembly Hall)টো অনানুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল আৰু সদস্যসকলে এদিনৰ বাবে সম্পূৰ্ণ সৌহাদ্যমূলকভাৱে আৰু পৰীক্ষামূলক ভাৱে বহি মত বিনিময় কৰিছিল। তেতিয়া ভৱনটো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰাও হোৱা নাছিল আৰু কোনোধৰণৰ ফলক আদিৰ ব্যৱস্থাও কৰা হোৱা নাছিল। তেনে অৱস্থাত দ্বিতীয়বাৰৰ বাবে বিধানসভা ভৱন উদ্বোধন কৰা বুলি প্ৰচাৰিত বাতৰি সম্পূৰ্ণ অসত্য।'

Also Read: বিশ্ব স্তনপান সপ্তাহঃ প্ৰথম দিনাই মুছলপুৰত বিশেষ সভা

pijush hazarika