কেনে আছে জয়মালা ? পেটা ইণ্ডিয়াই প্ৰকাশ কৰিছে এক বিস্ফোৰক তথ্য...

মঙলবাৰে জয়মালাক লৈ পেটা ইণ্ডিয়াই প্ৰকাশ কৰিছে বিস্ফোৰক তথ্য

author-image
Asomiya Pratidin
New Update
কেনে আছে জয়মালা ? পেটা ইণ্ডিয়াই প্ৰকাশ কৰিছে এক বিস্ফোৰক তথ্য...

joymala

ডিজিটেল ডেস্ক : জয়মালাক আপোনাৰ মনত আছে নিশ্চয়। তামিলনাডুৰ এটা মন্দিৰত জয়মালাক কেনেদৰে অত্যাচাৰ কৰিছিল সেই ভিডিঅ' ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত। তাৰ পাছতেই অসমৰ বন বিভাগৰ দল উপস্থিত হৈছিল তামিলনাডুত। কিন্তু পৰৱৰ্তী সময়ত জয়মালাক অসমলৈ ঘূৰাই নপঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তামিলনাডু চৰকাৰে।

Advertisment

মঙলবাৰে জয়মালাক লৈ পেটা ইণ্ডিয়াই প্ৰকাশ কৰিছে বিস্ফোৰক তথ্য। শিকলিৰে বান্ধি কংক্রিটৰ মাজত আৱদ্ধ কৰি ৰখা হৈছে জয়মালাক। অসম তথা ৰাষ্ট্ৰীয় সংবাদমাধ্যমত আপুনি দেখাৰ দৰে এতিয়া জয়মালা সুস্থ তথা নহয়। পূৰ্বে জয়মালাই জলকেলি কৰি থকা পুখুৰীত বৰ্তমান পানী নাই। অস্ত্রৰে ভাবুকি দেখুৱাই নিয়ন্ত্রণ কৰা হয় জয়মালাক।

এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে পেটা ইণ্ডিয়াই। পেটা ইণ্ডিয়াৰ শেহতীয়া নিৰীক্ষণ অনুসৰি হাতীজনীৰ অৱস্থা দুখজনক বুলি জানিবলৈ দিয়ে। তামিলনাডুৰ কৃষ্ণণ কোভিল মন্দিৰত বন্দী হৈ আছে অসমৰ জয়মালা।

আৰু পঢ়ক : ভগৱান বীৰছা মুণ্ডাৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন...

assam peta india joymala elephant