/asomiyapratidin/media/media_files/2024/11/28/MhaUJruY10gUcNuVkO2Q.jpg)
ডিজিটেল সংবাদ, শিলচৰ : সম্প্ৰতি বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা নিৰ্যাতন বন্ধ কৰা আৰু বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ জোটৰ মুখপাত্ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত এইবাৰ বাংলাদেশ চলো অভিযান হাতত লৈছে বৰাকৰ "সনাতনী ঐক্য মঞ্চ" নামৰ সংগঠনটোৱে। বাংলাদেশত হিন্দু নিধন বৰ্বৰ কাণ্ডৰ প্ৰতিবাদত অহা ১ ডিচেম্বৰত বাংলাদেশ চলো কাৰ্যসূচী গ্ৰহন কৰিছে "সনাতনী ঐক্য মঞ্চ"ই ।
সংগঠনটোৰ উদ্যোগত ১ ডিচেম্বৰৰ দিনা শ্ৰীভূমি জিলাৰ সুতাৰকান্দি বাংলাদেশ সীমান্তত এই বাংলাদেশ চলো কাৰ্যসূচী গ্ৰহন কৰিব । বৰাক উপত্যকাৰ তিনিওখন জিলাসহ ডিমা হাচাও জিলাৰ পৰা প্ৰায় ১লাখ সনাতনী লোকে এই বাংলাদেশ চলো কাৰ্যসূচীত অংশগ্ৰহন কৰিব বুলি দাবী কৰিছে সংগঠনটোৱে।
বৃহস্পতিবাৰে শিলচৰত আয়োজিত এক সংবাদমেলত বাংলাদেশ চলো কাৰ্যসূচীৰ বিতং তথ্য দাঙি ধৰে সংগঠনৰ নেতৃত্বই। অকল বাংলাদেশ চলো কাৰ্যসূচী গ্ৰহন কৰাই নহয়, প্ৰতিবাদকাৰীসকলে সিদিনা ভাৰত- বাংলাদেশৰ মাজত সামগ্ৰী আমদানি -ৰপ্তানি কৰা আন্তঃৰাষ্ট্ৰীয় সূতাৰকান্দি বানিজ্যিক পথ বন্ধ কৰিব বুলিও হুংকাৰ দিয়ে। তাৰোপৰি, বৰাক তথা অসমলৈ আমদানি কৰা বাংলাদেশৰ সকলো সামগ্ৰী বৰ্জন কৰিবলৈ ও আহ্বান জনাইছে সংগঠনটোৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us