পাঠশালাৰ নাটমণ্ডলৰ ২৮সংখ্যক বাৰ্ষিক শিশু নাট্যানুষ্ঠান...

পাঠশালাৰ নাটমণ্ডলৰ ২৮সংখ্যক বাৰ্ষিক শিশু নাট্যানুষ্ঠান...
Published on
Updated on

ডিজিটেল সংবাদ, পাটাছাৰকুছি: বজালীৰ শিশু নাটৰ বাটকটীয়া নাটমণ্ডল, পাঠশালাই‌ যোৱা ১০‌ আৰু ১১ আগষ্ট তাৰিখে অনুষ্ঠিত কৰে ২৮ সংখ্যক বাৰ্ষিক শিশু নাট্যানুষ্ঠান। পূৰ্বৰ গৰিমা সম্পূৰ্ণ অটুট ৰাখি এইবেলিও সৰ্বভাৰতীয় খ্যাতি সম্পন্ন নাট্যকাৰ নিতুল কুমাৰ মেধিয়ে 'এ গ্ৰেড -বি গ্ৰেড'আৰু 'সসেমিৰা' শিশু নাট দুখনিৰ মাজেৰে - শিল্পী সাহিত্যিকৰ সমাজৰ প্ৰতি থকা দ্বায়িত্ব সচেতন ভাবেই পালন কৰিছে। পৰিচালনাৰ ক্ষেত্ৰতো মেধিয়ে প্ৰায় প্ৰতিটো দৃশ্যতে কঠোৰ পৰিশ্ৰম আৰু সঠিক অনুশীলনৰ প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হৈছে৷

কৃতি শিক্ষক দশৰথ কলিতা আৰু ড° ৰুণু দেৱী সোঁৱৰণী নাট্য সন্ধ্যাৰ প্ৰথম দিনা নাটমণ্ডলৰ ব্ৰজনাথ শৰ্মা নাটঘৰৰ নাট্য সম্ৰাট চন্দ্ৰ চৌধুৰী সোঁৱৰণী মঞ্চত আৰু দ্বিতীয় দিনা ১১ আগষ্ট তাৰিখে পাঠশালাৰ ঐতিহ্যমণ্ডিত নাট্যমন্দিৰৰ মঞ্চত। প্ৰতিদিনে দুটাকৈ দৰ্শনী মঞ্চস্থ কৰা শিশু নাট দুখনি হ'ল - 'এ গ্ৰেড -বি গ্ৰেড' আৰু 'সসেমিৰা'। সাহিত্যিক তথা নাটমণ্ডলৰ সভাপতি শ্ৰীপদ চৌধুৰীয়ে উদ্বোধন কৰা প্ৰথম দিনাৰ নাট্য-সন্ধ্যাত বজালী জিলাৰ উপায়ুক্ত হিয়া মেধিয়ে দেবেন ৰয় সম্পাদিত নাটমণ্ডলৰ বাৰ্ষিক মুখপত্ৰ 'নাট্যগল্প' খনিৰ ২৮ সংখ্যাটি উন্মোচন কৰে।

সেইদৰে ১১ আগষ্টৰ নাট্য-সন্ধ্যা উদ্বোধন কৰে পাঠশালাৰ পৌৰসভাৰ পৌৰপতি জলী চৌধুৰীয়ে। নাটমণ্ডল, পাঠশালাৰ এমহীয়া গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ প্ৰায় দুকুৰি শিক্ষাৰ্থীয়ে নিবেদন কৰা নাট্য- সন্ধ্যা দুটিত দৰ্শকৰ সহাঁৰি আছিল অভূতপূৰ্ব। প্ৰচণ্ড গৰমকো নেওচি দুয়োদিনেই পূৰ্ণ প্ৰেক্ষাগৃহত থিয় হৈ থকা দৰ্শক ৰাইজে উমান দিছিল - শিশু নাট দুখনিৰ সফলতা। অভিনয় শিল্পী তথা কলা কুশলীবৃন্দ আছিল -বিজিত ডেকা, ৰিণি মেধি, বিস্মিতা চৌধুৰী, মৃণালেশ চৌধুৰী, অবিনাশ মেধি, নিখিল দাস, প্ৰীতম দাস, জয়শ্ৰী পাটগিৰি, মনীষা চৌধুৰী, অশ্বঞ্জয়া কলিতা, নিতিশ কুমাৰ দাস, শশাংক ৰয়, দেৱাশীষ গোস্বামী,কৃত্বিকা ৰয়, শ্বেহনাজ আখতাৰ, প্ৰীয়াস্মিতা শালৈ, কৌশিক শৰ্মা, মৃন্ময় ৰয়, দিদৃশা দাস, সীমান্ত দাস, দিয়া শৰ্মা,ৰিয়া পাঠক, মৌচুমী মিশ্ৰ, পৰিশ্ৰী কলিতা, দিক্ষু চুমন ৰয়, ৰিচিকা ৰয়, ৰিয়াস্মিতা দাস, ৰুহী দাস, অনুস্মিতা দাস, ভৃগু কলিতা, মূৰ্চ্ছনা শৰ্মা, স্মৃতিৰাণী চৌধুৰী, শিখামণি কলিতা, ৰিচা ডেকা,শৈলেন কাকতি, মনজিত তালুকদাৰ, কৃষাণ বৰুৱা ।

নাটমণ্ডলৰ এই নিৰৱিচ্ছিন্ন সজ আৰু সাহসিক‌ পদক্ষেপে অঞ্চলটোলৈ কেৱল আশাৰ বতৰা কঢ়িয়াই অনাই নহয়, অসমৰ নাট্য আন্দোলনলৈও এক অন্যতম সংযোজন নাট্যকাৰ নিতুল কুমাৰ মেধিৰ 'এ গ্ৰেড -বি গ্ৰেড' আৰু 'সসেমিৰা'। জয়তু নাটমণ্ডল ।

পাঠশালাৰ নাটমণ্ডলৰ ২৮সংখ্যক বাৰ্ষিক শিশু নাট্যানুষ্ঠান...
MCLA ঘনশ্যাম দাসৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ভুৱাঃ অবড়ো সুৰক্ষা সমিতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in