/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/na9kd3bx/11.jpg)
ডিজিটেল সংবাদ,বাক্সা: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাহবাৰীত সোমবাৰে এক সংবাদমেল সম্বোধন কৰে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে। সংবাদমেলত বিটিআৰত নীতিবৰ্হিভূতভাৱে ১৮ খন গাঁও অন্তৰ্ভুক্ত কৰিবলৈ ওলাইছে বুলি সমালোচনা কৰি এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে জোন দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/tlv8oxlq/19a6c197-fba4-46f9-906e-72397a17cac1.jpg)
সংবাদমেলত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা GSP দলৰ MCLA ঘনশ্যাম দাসে নিৰ্বাচন আয়োগক ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখিল কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে দাসে। তেওঁ কয় যে, ২০২৪ চনত ঘনশ্যাম দাসে লোকসভা নিৰ্বাচনত মনোনয়নৰ সৈতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰিছিল। কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিটত তেওঁৰ আছিল ৰোল- B 48 আৰু No 205। কিন্তু ১৯৮০ চনৰ চৰাইমাৰী বাণী মন্দিৰ হাইস্কুলৰ তৰফৰ পৰা সদৰী কৰা তথ্য মতে ১৯৮০ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তালিকাত ৰোল- B 48 আৰু NO 205 ত গজেন্দ্ৰনাথ দাস হে আছিল শিক্ষাৰ্থী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/fjwtl5zn/cc1c2821-d907-49c2-8484-720a2d8f4635.jpg)
আনহাতে ঘনশ্যাম দাসে ২০১৫ আৰু ২০২০ বৰ্ষৰ বিটিচি নিৰ্বাচনত দাখিল কৰা মনোনয়নৰ স'তে বৰমা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰ দাখিল কৰিছে। তাৰোপৰি ঘনশ্যাম দাসে বিটিচি আৰু লোকসভা নিৰ্বাচনৰ মনোনয়নৰ স'তে ১৯৮৭ চনত গুৱাহাটীৰ আৰ্য্য মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/iubm4ikb/76693025-9c5b-4688-8e31-cb0f8c7e7d34.jpg)
উল্লেখ্য যে, তেওঁ দাখিল কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নথি পত্ৰত আৰ্য্য মহাবিদ্যালয়ৰ চেণ্টাৰ নম্বৰটো ভুল আছে। ১৯৮৭ চনৰ আৰ্য্য মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নথিৰ নম্বৰটোৰ বিপৰীতে থকা প্ৰাৰ্থী গৰাকী প্ৰকৃততে নাৰায়ণ চন্দ্ৰ ডেকাহে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/lqclovqd/ce552901-8d30-4bb2-af2b-f52e30c529ef.jpg)
ভুৱা তথ্য দাখিলৰ অভিযোগত চৰকাৰীভাৱে তদন্তৰ দাবী উত্থাপন কৰিছে জোন দাসে। লগতে এই বিষয়ে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান, বাক্সা জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু অসম ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ ওচৰতো ঘনশ্যাম দাসৰ ভুৱা তথ্য দাখিলৰ বিৰুদ্ধে অভিযোগ দিব বুলিও সদৰী কৰে অবড়ো নেতা গৰাকীয়ে।
Also Read: মৰিগাঁও ২৯ জন শিক্ষক নিযুক্তি কেলেংকাৰীত জড়িত দীপক বৰদলৈক নিলম্বন