/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d50bda30-92a3-43b1-88f9-b7a3fd9aea6c/2.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ ২০০২ চনতে স্থাপিত পাটাছাৰকুছিৰ মফচলীয়া সাংবাদিকসকলৰ উমৈহতীয়া অনুস্থান পাটাছাৰকুছি প্ৰেছ ক্লাবৰ বুধবাৰে ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। লগতে পঞ্চম বিশেষ বাৰ্ষিক অধিৱেশনখনো প্ৰেছক্লাবৰ স্থায়ী কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/7603d69a-bd85-415d-8492-d7f68ae446f4/d7ac1524_c67c_4d13_9339_c7c46381ab2f.jpg)
আজি মে' দিৱসৰ লগত সংগতি ৰাখি পাটাছাৰকুছিৰ দুগৰাকী আজীৱন শ্ৰমিক উৎসৱ ৰয় আৰু বাপধন ডেকাক বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ উল্লেখযোগ্য যে শিক্ষিত হৈও শ্ৰমকে জীৱন যাপনৰ আহিলা হিচাপে লৈ পাটাছাৰকুছিত জীৱন নিৰ্বাহ কৰা ৎসৱ ৰয় সচা অৰ্থত শ্ৰমজীৱী লোক৷ আনহাতে ১৯৮৯ চনতে পাটাছাৰকুছিত প্ৰথমে অটো চলাই জীৱনৰ সংগ্ৰাম আৰম্ভ কৰা বেজকুছি নিবাসী বাপধন ডেকাইও এগৰাকী শ্ৰমজীৱী সৰ্বসাধাৰণ লোক৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ff7d6145-7837-43fe-a4e1-723b206646db/bfc49157_b205_43fe_9efa_2520beb9c72c.jpg)
আজি ৰাতিপুৱা পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি নৱকান্ত কলিতাই, স্মৃতি তৰ্পণ কৰে ক্লাবৰ উপদেষ্টা দিলীপ কুমাৰ ৰয়ে৷ ইয়াৰ পিচতে শ্ৰমিক সম্বৰ্ধনা আৰু সাধাৰণ সভা অনুষ্ঠিত কৰা হয়৷ সাধাৰণ সভাত বিগত বৰ্ষৰ সম্পাদকৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক বিৰাজ কলিতাই আৰু হিচাপ পৰীক্ষাৰ প্ৰতিবেদন পাঠ কৰে কিশোৰ শৰ্মাই৷ দুয়োখন প্ৰতিবেদনেই সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়৷
Also Read: শ্বিলং অভিমুখী নৈশ বাছত ২কোটিৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ...