শ্বিলং অভিমুখী নৈশ বাছত ২কোটিৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ...

শ্বিলং অভিমুখী নৈশ বাছত ২কোটিৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ...

ডিজিটেল সংবাদ, শিলচৰঃ নৈশ বাছত ড্ৰাগছ সৰবৰাহ কৰি চুবুৰীয়া ৰাজ্য মেঘালয়ত গ্ৰেপ্তাৰ হ'ল কাছাৰ জিলাৰ এজন ড্ৰাগছ ব্যৱসায়ী। কাছাৰ সীমান্তৱৰ্তী মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ ৰাতাছেৰাত বুজন পৰিমাণৰ হেৰ'ইন আৰু নিচাজাতীয় টেবলেট সহ গ্ৰেপ্তাৰ কৰা হয় যুবকজনক।

ধৃত ড্ৰাগছ ব্যৱসায়ী জনৰ নাম মিজাজুৰ ৰহমান বৰভূঞা। মিজাজুৰৰ ঘৰ কাছাৰ জিলাৰ সোণাই থানাধীন কচুদৰম দ্বিতীয় খণ্ডত বুলি সদৰি কৰিছে মেঘালয় আৰক্ষীয়ে।

শিলচৰৰ পৰা শ্বিলং অভিমুখী এখন নৈশ বাছত তালাচী চলাই ৰাতাছেৰা আৰক্ষীয়ে মঙলবাৰে নিশা মিজাজুৰৰ জিন্মাৰ পৰা হেৰ'ইন ভৰ্তি ২৫ টা চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ২৬৫ গ্ৰাম হেৰʼইন জব্দ কৰা হয়।

জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ২.১ কোটি টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। হেৰ''ইনৰ লগতে ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা ৩,৭২০টা নাইট্ৰাজেপাম টেবলেটো জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছখিনি কাছাৰৰ পৰা শ্বিলঙলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ধৃত মিজাজুৰ ৰহমানে।

শ্বিলং অভিমুখী নৈশ বাছত ২কোটিৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ...
নগাঁৱৰ তথাকথিত প'ৰ্টেলৰ স্বত্বাধিকাৰীক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in